ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলত আৰু উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজৰ তিক্ততাৰ মুকলি প্ৰকাশ

ashok

ৰাজস্থান কংগ্ৰেছৰ দুই শীৰ্ষ নেতা মুখ্যমন্ত্ৰী অশোক গেহলত আৰু উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজত তিক্ততা পুনৰ প্ৰকাশ পাইছে।প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে আয়োজিত এখন সভাত মুখ্যমন্ত্ৰী গেহলতে কয় যে যেতিয়াই ৰাজস্থানত খৰাং পৰিছিল,তেতিয়া প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে আমাৰ কথা শুনি তৎকালে সহায় আগবঢ়াইছিল।পৰৱৰ্তী পৰ্যায়ত উপ-মুখ্যমন্ত্ৰী শচীন পাইলটে নিজৰ ভাষণত কয়-মুখ্যমন্ত্ৰী মহোদয় যিদৰে ৰাজীৱ গান্ধীয়ে আপোনাৰ কথা মানি লৈছিল,তেনেদৰে আপুনি কংগ্ৰেছৰ বিধায়কসকলৰ কথা মানি লওক।


উল্লেখ্য যে ৰাজস্থান কংগ্ৰেছত এটা গোট মুখ্যমন্ত্ৰী অশোক গেহলতৰ সমৰ্থনত আৰু আন এটা গোট শচীন পাইলটৰ সমৰ্থনত আছে।ইয়াৰ পূৰ্বে জুলাই মাহত শচীন পাইলটে ৰাজস্থানৰ জনতাই অশোক গেহলতৰ নামত ভোট দিয়া নাই বুলি মুকলিকৈ মন্তব্য কৰিছিল।

Your Comments