পিতৃৰ ৭৫সংখ্যক জন্ম জয়ন্তীত ৰাহুল গান্ধীয়ে স্মৰণ কৰিলে পিতৃ ৰাজীৱ গান্ধীক

rahul

নিউজ ডেস্ক :

আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ৰাজীৱ গান্ধীৰ ৭৫সংখ্যক জন্ম জয়ন্তী।প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক জন্ম দিনটোত শ্ৰদ্ধা জনাবৰ বাবে মংগলবাৰে পুৱাই  সমাধিস্থলীত উপস্থিত হয় সৰ্বভাৰতীয় কংগ্ৰেছৰ কাৰ্যকৰী অধ্যক্ষ তথা পত্নী ছোনিয়া গান্ধী, প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষ তথা পুত্ৰ ৰাহুল গান্ধী, জীয়ৰী প্ৰিয়ংকা গান্ধী। বিশেষ দিনটোত পত্নী,পুত্ৰ-জীয়ৰীয়ে সমাধিস্থলীত ফুলৰ মালা পিন্ধাই স্মৰণ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক।

এওঁলোকৰ উপৰিও আজি এই বিশেষ দিনটোতে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক সমাধিস্থলীত শ্ৰদ্ধা জনায় কংগ্ৰেছৰ বহুকেইজন জ্যেষ্ঠ নেতাই।তাৰ ভিতৰত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী,প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং অন্যতম।rahul

আনহাতে পিতৃ ৰাজীৱ গান্ধীক স্মৰণ কৰি পুত্ৰ ৰাহুল গান্ধীয়ে টুইটাৰত উল্লেখ কৰে যে- "আজি দেশভক্ত তথা দূৰদৰ্শী ৰাজীৱ গান্ধীৰ ৭৫ সংখ্যক জন্ম জয়ন্তী। তেখেতৰ দূৰদৰ্শী নীতিয়ে ভাৰতক নতুনকৈ নিৰ্মান কৰাত সহায় কৰিছে"।

ইয়াৰ উপৰিও পিতৃ হিচাপে ৰাজীৱ গান্ধী কেনেকুৱা আছিল সেই কথাও টুইটাৰত প্ৰকাশ কৰিছে পুত্ৰ ৰাহুলে "তেওঁ মোক খুব মৰম কৰিছিল। তেখেতে মোক শিকাইছিল কাকো ঘৃণা নকৰি, সকলোকে মৰম আৰু ক্ষমা কৰিবলৈ"।

ইফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও স্মৰণ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক। প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক কংগ্ৰেছ নেতা-কর্মী সকলৰ উপৰিও আজি পুৱাই সোঁৱৰণ কৰিছে ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুয়োগৰাকীয়ে সামাজিক মাধ্যমত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক স্মৰণ কৰি শ্ৰদ্ধা নিবেদিছে।

Your Comments