নিউজ ডেস্ক :
অসমৰ পৰা নহয় এইবাৰ ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং।সোমবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা অসমৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে ৰাজস্থানৰ পৰা বিনাপ্ৰতিদ্বন্দীতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হয়।
উল্লেখ্য যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী ১৯৯১ চনৰ পৰা ২০১৯ৰ ১৫জুনলৈকে অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছিল।
ইফালে গুৰুত্বপূৰ্ণ কথা এই যে ৰাজস্থানৰ বিজেপিৰ সভাপতিৰ মদন লাল চাইনিৰ মৃত্যুৰ পাছৰে পৰা ৰাজ্যসভাত ৰাজস্থানৰ এখন আসন খালি হৈ আছিল। কিন্তু বিজেপিৰ হাতত ৰাজস্থান বিধনাসভাত সংখ্যাগৰিষ্ঠ বিধায়ক নথকাৰ বাবে বিজেপিৰ পৰা কোনো সদস্য নিৰ্বাচিত কৰিব পৰা নাছিল।
ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ ৰাজ্যসভালৈ নিৰ্বাচনৰ পাছত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে শুভেচ্ছা জনায়।তেওঁ কয় 'ডক্টৰ সিং আমাৰ ৰাজ্যৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাটো গৌৰৱৰ কথা।তেখেতৰ জ্ঞান আৰু অভিজ্ঞতাই ৰাজস্থানবাসীক উপকৃত কৰিব"।
- Log in to post comments
- 13 views