নিউজ ডেস্ক :
ৰাজ্যবাসীৰ দীৰ্ঘদিনীয়া
উৎকন্ঠাৰ অৱসান ঘটাই অহা ৩১আগষ্টত প্ৰকাশ পাব এনআৰচিৰ চূড়ান্ত খচৰা। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা জাতীৰ সাংবিধানিক ৰক্ষা কৱচ হিচাপে পৰিচিত এনআৰচি চূড়ান্ত তালিকা প্ৰস্তুতৰ কাম ইতিমধ্যে পূৰ্ণ গতিত চলি আছে। ৩১আগষ্টত দিনৰ ১১বজাত এন আৰ চিৰ প্ৰতিটো সেৱা কেন্দ্ৰ আৰু ৱেবচাইটত প্ৰকাশ পাব এই চূড়ান্ত তালিকা।
ইফালে এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশৰ দিন চমু চাপি অহাৰ সময়তে সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দিল্লীত সাক্ষাৎ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক।এনআৰচি সন্দৰ্ভত গৃহমন্ত্ৰী গৰাকীৰ সৈতে দীঘলীয়া আলোচনাত মিলিত হৈ মুখ্যমন্ত্ৰী সোনোৱালে কয় "আমি বিশ্বাস কৰো এনআৰচিৰ চূড়ান্ত তালিকা নিৰ্দিষ্ট দিনত শান্তিপূৰ্ণভাৱেই প্ৰকাশ পাব"। লগতে তেওঁ কয় এনআৰচি উন্নীতকৰণ প্ৰক্রিয়াক বাধা দিয়াৰ বাবে বিভিন্ন পক্ষই বৰ্তমানে সময়ত চেষ্টা চলাই আছে যদিও উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত নিৰ্দিষ্ট দিনটোত শান্তিপূৰ্ণ ভাৱে তালিকা প্ৰকাশ পাব বুলিও তেওঁ আশা ব্যক্তকৰে।
ইফালে গৃহমন্ত্ৰী অমৃত শ্বাহে এন আৰ চি প্ৰকাশৰ ক্ষেত্ৰত যাৱতীয় সকলো ধৰণৰ সহায় সহযোগিতা ৰাজ্য চৰকাৰক কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব বুলিও সোমবাৰৰ উক্ত বৈঠকতে আশ্বাস প্ৰদান কৰে।
- Log in to post comments
- 12 views