উত্তৰাখণ্ডৰ উত্তৰ কাশীত দেওবাৰে ডাৱৰ বিস্ফোৰণে ভয়ংকৰ ধ্বংসলীলাৰ সৃষ্টি কৰে।উত্তৰ কাশীৰ মোৰী এলেকাত হঠাতে ডাৱৰ বিস্ফোৰণ হৈ অকল্পনীয় মাত্ৰাত বৃষ্টিপাত হোৱাত গ্ৰামাঞ্চলৰ বহু আৱাস ভাগি পৰে।লগতে প্ৰৱল বানে তাণ্ডৱৰ সৃষ্টি কৰে।এনে পৰিস্থিতিত ১৭ গৰাকী গ্ৰামীণ লোকৰ মৃত্যু হয়।একাংশ লোক এতিয়াও
ধ্বংসস্তুপত সোমাই আছে বুলি অনুমান কৰা হৈছে।এছডিআৰএফৰ দলে হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ অভিযান চলাই আছে।
- Log in to post comments
- 5 views