নিউজ ডেস্ক :
প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটিছে।দিল্লীৰ এইমছত নৰেন্দ্ৰ মোডীৰ প্ৰথমটো কাৰ্যকালৰ বিত্তমন্ত্ৰী জেটলীক "লাইফ চাপোৰ্ট চিষ্টেত" ৰখা হৈছে। যোৱা ৯আগষ্টৰ পৰা চিকিৎসাধীন হৈ থকা প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীৰ স্বাস্থ্য যোৱা শুক্ৰবাৰৰ পৰা ক্ৰমাৎ অৱনতি ঘটিছে।ইতিমধ্যে জেটলিৰ ৰাজনৈতিক জীৱনৰ সতীৰ্থ সকলে এইমছত চিকিৎসাধীন অৱস্থাতে দর্শন কৰিছে বিত্তমন্ত্ৰী গৰাকীক। আজি পুৱাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে হাস্পতালত আহি স্বাস্থ্য বুজ লয় প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীৰ। এমইছৰ এটা অভিজ্ঞ চিকিৎসকৰ দলে জ্যেষ্ঠ ৰাজনৈতিক নেতা গৰাকীক আৰোগ্য কৰি তোলাৰ বাবে দিনে-ৰাতিয়ে চেষ্টা চলাইছে যদিও উন্নতি ঘটা নাই প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ।
- Log in to post comments
- 13 views