'এইমছ'ত চিকিৎসাধীন প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্যৰ অৱস্থা জটিল

jeitly

স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ জটিল হৈ পৰিছে প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ।যোৱা ৯ আগষ্টৰ পৰা নতুন দিল্লীৰ 'এইমছ'ত চিকিৎসাধীন হৈ থকা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ শুকুৰবাৰে ৰাতিৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ৰখা হৈছে 'লাইফ চাপোৰ্ট ছিষ্টেম'ত।


ইফালে,শনিবাৰেও জ্যেষ্ঠ বিজেপি নেতা অৰুণ জেটলীৰ স্বাস্থ্যৰ অৱস্থা জটিল হৈ আছে।পুৱাই কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং এইমছত উপস্থিতি হৈ জেটলীৰ স্বাস্থ্যৰ বুজ লয়।তাৰ পিছতে এইমছত উপস্থিত হয় বিহাৰৰ মুখ্যমন্ত্ৰী  নীতিশ কুমাৰ,বিএছপি নেত্ৰী মায়াৱতীকে ধৰি বহুসংখ্যক ৰাজনৈতিক নেতা।

Your Comments