প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলি গুৰুতৰভাবে অসুস্থ : হস্পিতাললৈ গৈ স্বাস্থ্যৰ বুজ ললে গৃহমন্ত্ৰী অমিত শ্বাহে

jetli

নিউজ ডেস্ক :
মোডী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত বিত্ত মন্ত্ৰীৰ দায়িত্ব পালন কৰা অৰুণ জেটলিৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি জানিব পৰা গৈছে।শুক্ৰবাৰৰ ৰাতিৰ পৰা ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে প্ৰাক্তন বিত্ত মন্ত্ৰী গৰাকীৰ।উল্লেখ্য যে দিল্লীৰ এইমচত যোৱা ৯আগষ্টৰ পৰা   চিকিৎসাধীন হৈ আছে নেতা গৰাকী।

ইফালে শুক্ৰবাৰে ৰাতি নেতাগৰাকীৰ স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটাত ৰাতিয়েই স্বাস্থ্যৰ বুজ লবলৈ এইমচত উপস্থিত হয় গৃহমন্ত্ৰী অমৃত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডক্টৰ হর্ষ বদ্ধন। বৰ্তমানে জেটলিক  ভেন্টিলেটৰ ব্যৱস্থাত ৰখা বুলি জানিব পৰা গৈছে ।

Your Comments