প্লাষ্টিক বৰ্জনৰ বাবে দেশব্যাপি অভিযান চলোৱা হ'ব-পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰ

prakash javerkar

নিউজ ডেস্ক:
এবাৰেই ব্যৱহাৰ কৰিব পৰা প্লাষ্টিক(ছিংগল য়্যুজ প্লাষ্টিক)ৰ পৰা দেশক মুক্ত কৰিবলৈ দেশব্যাপি অভিযান চলোৱা হ'ব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰদান কৰা ভাষণত জনোৱা প্লাষ্টিক বৰ্জনৰ আহ্বান অনুসৰি এই অভিযান চলোৱা হ'ব বুলি উল্লেখ কৰে।


উল্লেখযোগ্য যে অহা ২ অক্টোবৰ,গান্ধী জয়ন্তীত প্লাষ্টিক বৰ্জনৰ দিশত প্ৰথমটো মজবুত পদক্ষেপ গ্ৰহণ কৰা হ'ব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰিছিল।

Your Comments