আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যুদিৱস

atal ji

নিউজ ডেস্ক:
আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰথম মৃত্যুদিৱস।বিগত বৰ্ষৰ ১৬ আগষ্টত অটল বিহাৰী  বাজপেয়ীৰ দেহাৱসান ঘটিছিল যদিও এজন সুবক্তা,কবি হিচাপেও জনপ্ৰিয় নেতাজন ভাৰতীয় জনতাৰ হৃদয়ত অমৰ।আজি বাজপেয়ীৰ মৃত্যুদিৱসত দিল্লীস্থিত নেতাজনৰ স্মৃতিক্ষেত্ৰ 'সদৈৱ অটল'লৈ গৈ প্ৰয়াত নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তথা বহুকেইগৰাকী আগশাৰীৰ ৰাজনৈতিক নেতাই।উল্লেখ্য যে বিজেপি নেতা বাজপেয়ী তিনিবাৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল।

Your Comments