৭৩ সংখ্যক স্বাধীনতা দিৱস: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে খানাপাৰাত কৰিলে ৰাষ্ট্ৰীয় পতাকা উত্তোলন

sonowal

নিউজ ডেস্ক :

সমগ্ৰ দেশৰ লগতে আজি অসমতো উদযাপন কৰা হয় ৭৩সংখ্যক স্বাধীনতা দিৱস। বৃটিছৰ ঔপনিৱেশিক শাসনৰ অৱসান ঘটাই ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৩বছৰীয়া এই শুভক্ষণত ৰাজ্য চৰকাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত উদযাপন কৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচী। পুৱা ৯বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ স্বাধীনতা দিৱসৰ পতাকা  উত্তোলনেৰে আৰম্ভ হয় মূল কাৰ্যসূচী। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত আয়োজিত এই ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কূলধৰ শইকীয়া,আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰৰ লগতে অসম চৰকাৰৰ বহু আমোলা বিষয়ৰ লগতে বহুতো গণ্য মান্য লোক। sono

পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিগত বর্ষত বিভিন্ন ক্ষেত্ৰত অসমৰ নাম জিলিকাই তোলা বিভিন্ন জনক ধন্যবাদ জনোৱাৰ লগতে দেশৰ স্বাধীনতাৰ বাবে জীৱন আহুতি দিয়া প্ৰতিগৰাকী শ্বহীদক আজিৰ এই শুভ দিনটোতে স্মৰণ কৰে।sonowal3

ইয়াৰ উপৰিও ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে  ৰাজ্য চৰকাৰে ৰাজ্যবাসীৰ বাবে গ্ৰহণ কৰাৰ বিভিন্ন আঁচনি তথা প্ৰদক্ষেপৰ  কথাও নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে।

Your Comments