লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

modi

নিউজ ডেস্ক :
৭৩সংখ্যক স্বাধীনতা দিৱসত আজি লালকিল্লাৰ পৰা ষষ্ঠবাৰলৈ দেশবাসীক সম্বোধন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। দ্বিতীয়বাৰৰ বাবে প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত নৰেন্দ্ৰ মোদীয়ে আজি দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমবাৰ লালকিল্লাত ত্ৰিৰংগা উত্তোলন কৰে। আজি পুৱাই দেশবাসীক সম্বোধন কৰাৰ পূৰ্বে ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মোদীয়ে। স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দেশৰ সেনাবাহিনীৰ সংস্কাৰকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

ইফালে আজি গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰতো অসম চৰকাৰে কেন্দ্ৰীয়ভাবে  স্বাধীনতা দিৱস  উদযাপন কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পতাকা উত্তোলন কৰি আজিৰ এই কাৰ্যসূচীৰ শুভাৰম্ভণি ঘটায়। আনহাতে দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে খানাপাৰাৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাতে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় স্বাধীনতা দিৱসৰ।

Your Comments