কলিয়াবৰত প্ৰীতি ফুটবল প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী শাকমুঠি-হাতীগাঁও দল

sport1

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

ইউনাইটেড স্পৰ্টচ ক্লাবৰ সৌজন্যত প্ৰাক্তন ফুটবলাৰ প্ৰয়াত চিতেশ্বৰ শইকীয়া, কনক শইকীয়া,লালবিহাৰী চৌহান, হিমাংশু শৰ্মা অৰু কাবুল কাকতিৰ সোঁৱৰণীত প্ৰীতি ফুটবল প্ৰতিযোগিতা গড়কাপ্তানী পথ সংমণ্ডল জখলাবন্ধাৰ খেলপথাৰত অনুষ্ঠিত কৰা হয়।যোৱা ৭ আগষ্টৰ পৰা অনুষ্ঠিত ফুটবল খেলখনৰ আজি জখলাবন্ধা-হাটবৰ আৰু শাকমুঠি- হাতীগাঁও দলৰ মাজত  চূড়ান্ত খেলখন অনুষ্ঠিত হয়।৫০ৰ উৰ্ধৰ খেলুৱৈসকলৰ মাজত হোৱা খেলখনে দৰ্শক ৰাইজক যথেষ্ট আমোদ দিবলৈ সক্ষম হয়।আজিৰ চূড়ান্ত খেলত শাকমুঠি- হাতীগাঁও দলে ২-০ গলৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়।খেলৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত উপস্থিত থাকে প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকা,ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সম্পাদক দিপ্লুৰঞ্জন শৰ্মা,কলিয়াবৰ মহকুমাৰ নিৰ্বাচনী বিষয়া ৰিতুপল্লৱ বৰুৱাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি।প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সম্পাদক মনোজ কুমাৰ দে'ই আঁত ধৰা সভাখনত ইউনাইটেড স্পৰ্টচ ক্লাবৰ সভাপতি তথা আলফাৰ বিত্ত সম্পাদক চিত্ৰবন হাজৰিকাই নৱপ্ৰজন্মক এনে খেলসমূহে যথেষ্ট উদগনি দিব বুলি কয়। আজিৰ বিজয়ী দলক নগদ মাননী আৰু ট্ৰফী প্ৰদান কৰে প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকাই।খেলত শৃংখলাবদ্ধ দল হিচাপে পুৰস্কৃত হয় ঔগুৰী দল। প্ৰতিযোগিতাখনত অধিক গ'ল দিওঁতা হিচাপে পুৰস্কৃত হয় গৌতম বৰা।

Your Comments