২৫ বছৰ ধৰি ছিকিমৰ মুখ্যমন্ত্ৰী হোৱা পৱন কুমাৰ চামলিঙৰ বিজেপিত যোগদান

pawan

ছিকিমৰ ৰাজনীতিত একেৰাহে ২৫ বছৰ ধৰি ক্ষমতা দখল কৰা ছিকিম ডেম'ক্ৰেটিক ফ্ৰণ্টত ব্যাপক খহনীয়া।দলটোৰ পৰা ২৫ বছৰ ধৰি মুখ্যমন্ত্ৰী হৈ থকা পৱন কুমাৰ চামলিংসহ ১০ গৰাকী বিধায়কে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত।বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ উপস্থিতিত মঙলবাৰে ৰাষ্ট্ৰীয় দলটোত যোগদান কৰে বিধায়ককেইগৰাকীয়ে।উল্লেখ্য যে বিগত ২৫ বছৰে ছিকিমৰ শাসনত থকা দলটো বিগত বিধানসভাৰ নিৰ্বাচনত চিকিম ক্ৰান্তিকাৰী মৰ্চাৰ হাতত পৰাস্ত হৈছিল।এইবাৰৰ বিধানসভাত চামলিং নেতৃত্বাধীন ছিকিম ডেম'ক্ৰেটিক ফ্ৰণ্টৰ আছিল ১৫ গৰাকী বিধায়ক।


ইফালে,বিজেপিত যোগদান কৰি মোডী-অমিত শ্বাহৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে পৱন কুমাৰ চামলিং।

Your Comments