যথেষ্ট চিন্তা-চৰ্চা কৰি জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱা হৈছে-প্ৰধানমন্ত্ৰী মোডী

modi

নিউজ ডেস্ক:

জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছত এখন ৰাষ্ট্ৰীয় ইংৰাজী বাতৰিকাকতত প্ৰদান কৰা  প্ৰথমটো সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে বহু চিন্তা-ভাৱনা কৰি জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱা হৈছে।এই সিদ্ধান্তৰ পৰা জম্মু-কাশ্মীৰবাসী উপকৃত হ'ব।জম্মু-কাশ্মীৰৰ বিকাশৰ গতি ত্বৰান্বিত হ'ব।জম্মু-কাশ্মীৰৰ পৰ্যটন,কৃষিকাৰ্য,তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ হৈ জম্মু-কাশ্মীৰবাসীৰ উন্নয়ন সাধন হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মত ব্যক্ত কৰে।

Your Comments