স্বাধীনতা দিৱসক ভ্ৰুকুটি কৰি কামপুৰত দুটা অভিনৱ প্ৰতিবাদ

স্বাধীনতা দিৱসক ভ্ৰুকুটি কৰি কামপুৰত দুটা অভিনৱ প্ৰতিবাদ

চৰকাৰৰ লাঞ্ছনা-বঞ্চনাৰ প্ৰতিবাদত স্বাধীনতা দিৱসৰ দিনাও উত্তাল হৈ থাকিল নগাঁও জিলাৰ কামপুৰ অঞ্চল । এফালে অসমৰ কেইবাটাও জ্বলন্ত সমস্যা সমাধানৰ দাবীত লেখক-সাংবাদিক মোলান লস্কৰ

আৰু তেওঁৰ পত্নী ৰিণা লস্কৰ এটা বেলা অনশনত বহাৰ লগতে কামপুৰৰ দেৱনাৰিকলিত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত হাতত কোৰ-পাচি লৈ ৰাজপথত স্বাধীনতা দিৱস উদ্‌যাপন কৰে একাংশ লোকে ।

উল্লেখ্য যে কামপুৰৰ ৰাস পথাৰত কেন্দ্ৰীয়ভাৱে উদ্‌যাপন কৰা হয় স্বাধীনতা দিৱস । এফালে ৭২সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন আৰু আনফালে চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদকল্পে কৰা অভিনৱ প্ৰতিবাদে অঞ্চলটোত সৃষ্টি কৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

৭২সংখ্যক স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে পুৱাই কামপুৰত এহাল দম্পতী নামিল প্ৰতিবাদত । অসমৰ বহুকেইটা জ্বলন্ত সমস্যাৰ সমাধানৰ দাবীত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে লেখক-সাংবাদিক মোলান লস্কৰ আৰু তেওঁৰ পত্নী ৰিণা লস্কৰে ।

স্বাধীনতা দিৱসক ভ্ৰুকুটি কৰি কামপুৰত দুটা অভিনৱ প্ৰতিবাদ

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, নদী বান্ধ, বানপানী সমস্যা, ৰন্ধন গেছ আৰু পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত এই অনশন কাৰ্যসূচী পালন কৰে লেখক-সাংবাদিক মোলান লস্কৰ আৰু তেওঁৰ পত্নী ৰিণা লস্কৰে ৷

স্বাধীনতা দিৱসক ভ্ৰুকুটি কৰি কামপুৰ প্ৰেছ ক্লাবৰ সন্মুখত এটা বেলা অনশন কাৰ্যসূচী পালন কৰি তেওঁলোকে অসমৰ জ্বলন্ত সমস্যা সমাধানৰ দাবী জনায় ৷

 আনফালে, কামপুৰৰ দেৱনাৰিকলি গাঁৱতো আন এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে স্থানীয় লোকে । উল্লেখ্য যে স্বাধীনতাৰ ৭১ বছৰৰ পাছতো জৰাজীৰ্ণ পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগি আহিছে বঢ়মপুৰ সমষ্টিৰ দেৱনাৰিকলি গাঁৱৰ ৰাইজে ৷

পথ নহয় যেন প্ৰকাণ্ড প্ৰকাণ্ড গাঁত ৷ অঞ্চলটোত ইতিহাস প্ৰসিদ্ধ ৰত্নাৱলী থান আছে যদিও বাট-পথৰ দুৰৱস্থাৰ বাবে ভক্তৰ আহ-যাহ কমি গৈছে থানখনলৈ ৷

যাৰবাবে ৭২সংখ্যক স্বাধীনতা দিৱস পালন বাদ দি হাতে হাতে কোৰ-পাচি লৈ পথ মেৰামতিত নামি পৰে অঞ্চলটোৰ ৰাইজ ৷ বঢ়মপুৰ সমষ্টিত ৩০ বছৰে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই গাদী দখল কৰি আছে যদিও ৰাইজৰ হ'লে কোনোধৰণৰ উন্নয়ন কৰিব পৰা নাই তাৰেই এয়া জ্বলন্ত উদাহৰণ ।

আনহাতে, সমগ্ৰ দেশৰ লগতে কামপুৰতো চৰকাৰীভাৱে উদ্‌যাপন কৰা হয় ৭২সংখ্যক স্বাধীনতা দিৱস। কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত কেন্দ্ৰীয়ভাৱে উদ্‌যাপন কৰা হয় স্বাধীনতা দিৱস ।

এই উপলগে ত্ৰিৰংগা উত্তোলন কৰে কামপুৰৰ ৰাজহ চক্ৰ বিষয়া ৰশ্মি বৰুৱা গগৈয়ে । পতাকা উত্তোলনৰ পিছতে বিভিন্ন বিদ্যালয়ৰ এন চি চিৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিবাদন গ্ৰহণ কৰে । 

Your Comments