বৰখালাত ডা,ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ আয়োজন

asn

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

নলবাৰী জিলাৰ এটি আগশাৰীৰ ক্ৰীড়া প্ৰতিষ্ঠান বৰভাগ ইউনাইটেড স্প’ৰ্টছ ক্লাৱৰ উদ্যোগত পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগত অহা ২৪ আগষ্টৰ পৰা ৩৩তম বৰ্ষৰ ১৯তম বাৰ্ষিক প্ৰয়াত ডা° ৰামদত্ত বুজৰবৰুৱা আৰু ভূপেন শৰ্মা সোৱৰণী প্ৰাইজমানি চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ ইতিমধ্যে খেল পৰিচালনাৰ বাবে দিলীপ কলিতাক সভাপতি আৰু প্ৰবী দাসক সম্পাদক হিচাবে লৈ এখন ৩১ জনীয়া সমিতি গঠন কৰিছে৷ ইচ্ছুক খেলুৱৈ দলক ৯৬৭৮১২৫৯৮৭(সম্পাদক)আৰু ৯৮৬৪৫৮৬২৫৯(সভাপতি) ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

Your Comments