নিউজ ডেস্ক:
ৰাজ্যত সৰ্বত্ৰ এতিয়া এপিডিচিএলৰ অভূতপূৰ্ব বিদ্যুৎ কৰ্তন।খোদ ৰাজধানী গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰতে দিনে-নিশাই,যেতিয়াই তেতিয়া ই বিদ্যুৎ কৰ্তন কৰিছে এপিডিচিএলে।ৰাজ্যত উষ্মতাৰ পাৰাস্তম্ভই ৩৯ ডিগ্ৰী স্পৰ্শ কৰাৰ সময়ত এই সঘন বিদ্যুৎ কৰ্তনে ৰাইজক যমৰ যাতনা দিছে।ৰাজ্যৰ গ্ৰামাঞ্চলত অৱস্থা অধিক শোচনীয় হৈ পৰিছে।বিদ্যুৎহীন নিশা ৰাইজে নিদ্ৰাবিহীনভাৱে পাৰ কৰিছে।সঘন বিদ্যুৎ কৰ্তনত উদ্যোগ,ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ব্যাপক ক্ষতি হৈছে।ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে এপিডিচিএলৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।
- Log in to post comments
- 9 views