বঙাইগাঁওঃ
অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰ গোটৰ কৰ্মচাৰীয়ে নিজাববীয়াকৈ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১৭,৭৯,০৮৩ টকাৰ বৰঙণি আগবঢ়াইছে । আজি দিছপুৰস্থিত কাৰ্যালয়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি শোধনাগাৰটোৰ ভাৰপ্ৰাপ্ত মুখ্য মহা প্ৰৱন্ধক অমৰেন্দ্ৰ কলিতাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা উক্ত ধনৰ চেক এখন প্ৰদান কৰে । চেকখন প্ৰদানৰ সময়ত মহা প্ৰৱন্ধক ভাস্কৰ হাজৰিকা , মুনীন্দ্ৰ চন্দ্ৰ গোস্বামী , বি জি আৰ কৰ্মচাৰী সংঘৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে মহাদেৱ ৰায় আৰু প্ৰবীৰ কুমাৰ শৰ্মায়ো উপস্থিত থাকে ।
- Log in to post comments
- 5 views