এনআৰচি পুনৰীক্ষণৰ নামত দৰিদ্ৰ সংখ্যালঘুক কুকুৰ-মেকুৰী দৰে ব্যৱহাৰ কৰিছে বিজেপি চৰকাৰে-দীনেশ বৈশ্য

nrc

নিউজ ডেস্ক:

এনআৰচিৰ পুনৰীক্ষণৰ নামত আঘোষিত জৰুৰীকালীন ব্যৱস্থা আৰম্ভ কৰিছে বিজেপি চৰকাৰে। কাৰণ এনআৰচি পুনৰীক্ষণৰ নামত নামনি অসমৰ একাংশ সংখ্যালঘু দৰিদ্ৰক যোৱা দুদিন ধৰি এনআৰচি কৰ্তৃপক্ষই কুকুৰ-মেকুৰী দৰে ব্যৱহাৰ কৰিছে। মানৱীয় প্ৰমূল্যক গুৰুত্বহীন কৰি চৰকাৰে পূৰ্বৰ খচৰাত নাম থকা নামনি অসমৰ একাংশ সংখ্যালঘুক পুনৰীক্ষণৰ বাবে ৪-৫ ঘণ্টাৰ সময়ৰ ভিতৰত ৫০০/৬০০কিঃমিঃ আঁতৰলৈ গৈ অৰ্থাৎ শিৱসাগৰ,  যোৰহাট,  গোলাঘাট আদি জিলাৰ এনআৰচি কেন্দ্ৰত পুনৰীক্ষণ কৰিবলৈ মাতি পঠোৱা হৈছে। ফলত জাননী পোৱা সংখ্যালঘু দৰিদ্ৰ পৰিয়ালসমূহে একে ৰাতিৰ ভিতৰতে সা-সম্পত্তি বিক্ৰী কৰি ৪০/৫০ হাজাৰ টকাত গাড়ী ভাড়াত লৈ একে ৰাতিৰ ভিতৰতে যাব লগা হৈছে- এই মন্তব্য গণতান্ত্ৰিক সংহতি অসমৰ আহ্বায়ক ডক্টৰ দীনেশ বৈশ্য। আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত এনআৰচি পুনৰীক্ষণ সন্দৰ্ভত এক সংবাদ মেলত সম্বোধন কৰি তেওঁ আৰু কয়, প্ৰয়োজন হ'লে সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে এশবাৰ পুনৰীক্ষণ হওঁক। কিন্তু পুনৰীক্ষণ ব্যবস্থাটো মানৱীয়ভাৱে হ'ব লাগিব। এনআৰচি পুনৰীক্ষণৰ নামত আতংক সৃষ্টি কৰি কোনো ব্যক্তিয়ে আন্তৰ্জাতিক মানৱ অধিকাৰ খৰ্ব কৰিব নালাগে। কিন্তু দুৰ্ভাগ্যজনক কথা, বিজেপি চৰকাৰে এনআৰচি পুনৰীক্ষণ কৰিবলৈ গৈ এতিয়া সংখ্যালঘু লোকসকলৰ মাজত আতংক সৃষ্টি কৰি আন্তৰ্জাতিক মানৱ  অধিকাৰ খৰ্ব কৰিছে।

ইয়াৰ উপৰি তেওঁ কয়, সৰ্বোচ্চ ন্যায়ালয়ে এনআৰচি কৰ্তৃপক্ষক কোনো ব্যক্তিৰ ওপৰত সন্দেহ হ’লেহে পুনৰীক্ষণ কৰাৰ কথা কৈছিল। কিন্তু ৪-৫ ঘণ্টাৰ ভিতৰত নামনি অসমৰ মানুহ উজনি অসমলৈ গৈ পুনৰীক্ষণৰ বাবে সাজু হবগৈ লাগিব বুলি উচ্চতম ন্যায়ালয়ে কোৱা নাছিল।

ইফালে সংবাদ মেলতে সংগঠনটোৰ আন এগৰাকী আহ্বায়ক হৰকুমাৰ গোস্বামীয়ে এই সন্দৰ্ভত কয়, অসমৰ মানুহে অধীৰ আশাৰে বাট চাই থকা এনআৰচি এতিয়া প্ৰহসনত পৰিণত হৈছে। বিজেপি চৰকাৰে দুখীয়া সংখ্যালঘুক অত্যাচাৰ কৰাৰ বাবে এনআৰচিক এতিয়া হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। চৰকাৰৰ এই  ফেচিষ্ট চৰিত্ৰৰ বিৰোধিতা কৰিব লাগিব, অসম নহ’লে ধ্বংস হ’ব। আৰম্ভ হ’ব গোষ্টীগত বিবাদ।

সংবাদ মেলত উপস্থিত থাকি বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে কয়, "বিজেপি চৰকাৰে প্ৰাকৃতিক দুৰ্যোগতকৈও ভয়ংকৰ দুৰ্যোগৰ মুখলৈ ঠেলি দিছে আমাক। কাৰণ প্ৰাকৃতিক দুৰ্যোগে আমাক যিমান ক্ষতিগ্ৰস্ত কৰে, এনআৰচি পুনৰীক্ষণৰ নামত তাতোকৈ ভয়ংকৰ ক্ষতি কৰিছে চৰকাৰখনে। লগতে তেওঁ কয় যে অসহায় লোকসকল কেতিয়াও অকলশৰীয়া নহয়। তেওঁলোকৰ লগত আমি সদায় আছোঁ।

Your Comments