নিউজ ডেস্ক:
জম্মু-কাশ্মীৰত অব্যাহত থকা বিভিন্ন প্ৰশাসনীয় গতিবিধিক লৈ দেশজুৰি সচেতন মহলৰ মাজত ব্যাপক চৰ্চা চলিছে।ৰাজ্যখনৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ থকা সংবিধানৰ অনুচ্ছেদ ৩৭০ আৰু ৩৫এ বাতিল কৰা হ'ব বুলি চৰ্চা চলিবলৈ ধৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হ'ব পৰা যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈকে এনে প্ৰশাসনীয় গতিবিধি বুলি বহুতে ক'বলৈ বিচাৰিছে।
ইফালে,জম্মু-কাশ্মীৰত অতিৰিক্তভাৱে বহুসংখ্যক সুৰক্ষা বাহিনীৰ জোৱানক মোতায়েন কৰাৰ পিছত,অমৰনাথ যাত্ৰা স্থগিত কৰাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া ৰাজ্যখনৰ শীৰ্ষ ৰাজনৈতিক নেতা ওমৰ আব্দুল্লা,মেহবুবা মুফটি আদিক ঘৰত নজৰবন্দ কৰা হৈছে।কাশ্মীৰ উপত্যকাত ১৪৪ ধাৰা জাৰি কৰাৰ পিছত জম্মুতো এই ধাৰা জাৰি কৰা হৈছে।জম্মুত স্কুল-কলেজ বন্ধ কৰি দিয়া হৈছে।
আনহাতে,আজি পুৱা ৯-৩০ বজাত প্ৰধানমন্ত্ৰী মোডীৰ কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব।এই বৈঠকতে ৰাজ্যখনক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পাৰে।
- Log in to post comments
- 52 views