ঋত্বিক ৰোচনৰ সফল ছবি 'ছুপাৰ-৩০'ক হাৰিয়ানা চৰকাৰৰ 'কৰ মুক্ত' ঘোষণা

super 30

নিউজ ডেস্ক:
বিহাৰৰ গণিত শিক্ষক আনন্দ কুমাৰৰ জীৱনৰ প্ৰেৰণাদায়ক কাহিনীৰ ঋত্বিক ৰোচন অভিনীত 'ছুপাৰ ৩০' ছবিখনক শেহতীয়াকৈ হাৰিয়ানা চৰকাৰে 'কৰ মুক্ত' ঘোষণা কৰিছে।ইতিমধ্যে বক্স অফিচত সফল ছবি হিচাপে পৰিগণিত হোৱা 'ছুপাৰ ৩০'ক যুৱ সমাজক প্ৰেৰণা দিয়া আৰু শিক্ষাৰ গুৰুত্বৰ বিষয়ে বাৰ্তা দিয়া ছবি হিচাপে হাৰিয়ানা চৰকাৰৰ পূৰ্বে বিহাৰ,ৰাজস্থান,গুজৰাট,দিল্লী,উত্তৰ প্ৰদেশ,জম্মু-কাশ্মীৰ,মহাৰাষ্ট্ৰ প্ৰভৃতি ৰাজ্যই 'কৰ মুক্ত' ঘোষণা কৰিছিল।উল্লেখ্য যে বিহাৰৰ শিক্ষক আনন্দ কুমাৰে ছুপাৰ-৩০ নামৰ প্ৰতিষ্ঠান  এটা মুকলি কৰি দৰিদ্ৰ শ্ৰেণীৰ বিদ্যাৰ্থীক আইআইটিৰ প্ৰৱেশপৰীক্ষাত উত্তীৰ্ণ হ'ব পৰাকৈ যোগ্য কৰি তুলিছিল।

Your Comments