বিশ্ব জিডিপি তালিকাত সপ্তম স্থানলৈ অৱনমিত ভাৰত

gdp

২০১৮ বৰ্ষত বিশ্ব জিডিপি তালিকাত ভাৰত ষষ্ঠ স্থানৰ পৰা সপ্তম স্থানলৈ অৱনমিত হৈছে।বিশ্ববেংকে প্ৰকাশ কৰা এই তালিকাত ভাৰতৰ ২০১৭ বৰ্ষৰ ষষ্ঠ স্থানত এতিয়া ফ্ৰান্স।উল্লেখ্য যে ফ্ৰান্সক পিছলৈ ঠেলি ভাৰত ২০১৭ চনত ষষ্ঠ স্থানত অধিষ্ঠিত হৈছিল।


বৰ্তমান ভাৰতৰ জিডিপি ২.৭ ট্ৰিলিয়ন ডলাৰ।আনহাতে,ষষ্ঠ স্থানৰ ফ্ৰান্স আৰু পঞ্চম স্থানৰ গ্ৰেট ব্ৰিটেইনৰ জিডিপি যথাক্ৰমে ২.৮ ট্ৰিলিয়ন ডলাৰকৈ।তালিকাৰ প্ৰথম দুটা স্থানত আছে আমেৰিকা আৰু চীন।

Your Comments