বিৰোধী দলসমূহ আৰু সংবাদ মাধ্যমৰ তীব্র সমালোচনাৰ পিছত বিজেপিয়ে উত্তৰ প্ৰদেশৰ ওন্নাৱ বলাৎকাৰ কাণ্ডৰ মুখ্য অভিযুক্ত বিধায়ক কুলদীপ সিং ছেনগাৰক দলৰ পৰা বহিস্কাৰ কৰিছে।
উল্লেখ্য যে কিছুদিন পূৰ্বে ওন্নাৱ বলাৎকাৰপীড়িতাই যাত্ৰা কৰা গাড়ীখনক এখন ট্ৰাকে খুণ্ডিওৱাৰ পিছত পীড়িতাগৰাকী গুৰুতৰভাৱে আহত হৈছিল।লগতে,পীড়িতাগৰাকীৰ খুড়ীয়েক,মাহীয়েক আৰু চালকজনৰ মৃত্যু হৈছিল।এই দুৰ্ঘটনাটোক এটা ষড়যন্ত্ৰ আৰু ষড়যন্ত্ৰটোৰ আঁৰত ছেনগাৰৰ হাত থকা বুলি ধৰা হৈছিল।
- Log in to post comments
- 18 views