নিউজ ডেস্ক:
সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাক অহা ৮ আগষ্টত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব 'ভাৰত ৰত্ন' সন্মান।দিল্লীৰ ৰাষ্ট্ৰপ্ৰতি ভৱনত উক্ত দিনটোত সুধাকণ্ঠৰ একমাত্ৰ পুত্ৰ তেজ হাজৰিকাই গ্ৰহণ কৰিব এই সন্মান।ইতিমধ্যে দেশৰ গৃহ মন্ত্ৰনালয়ৰ তৰফৰ পৰা পুত্ৰ তেজ হাজৰিকালৈ আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে।
ইফালে,৮ আগষ্টতে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখকো প্ৰদান কৰা হ'ব ভাৰত ৰত্ন সন্মান।দেশৰ ৰাষ্ট্ৰপতিয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰিব এই সন্মান।
- Log in to post comments
- 10 views