মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ সাংবাদিক-আছুৰ প্ৰতি বিৰূপ মন্তব্য, ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ সাংবাদিক-আছুৰ প্ৰতি বিৰূপ মন্তব্য, ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

মৰিগাঁও সমষ্টিৰ বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে নিয়মীয়া বাৰ্তা কাকতৰ বাৰপূজীয়াস্থিত সাংবাদিক মানস কুমাৰ নাথ আৰু আছুক লৈ কৰা বিৰুপ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।

উল্লেখ্য যে দেওবাৰে চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ এক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ মানদণ্ড পৰস্পৰাগতভাৱে হ্ৰাস পোৱাত তেওঁ দুই নাতি-নাতিনীক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়োৱা বুলি ভাষণত উল্লেখ কৰিছিল ।

পিছত এজন দায়িত্বশীল জনপ্ৰতিনিধিয়ে চৰকাৰী শিক্ষা ব্যৱস্থাটোক ভেঙুচালি কৰাৰ মন্তব্যক চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল ।

ইয়াতে খঙত অগ্নিশৰ্মা হৈ পৰা বিধায়ক ৰমাকান্তই সোমবাৰে নিজ চৰাইবাহীৰ এমজি এনৰেগাৰ এটা পথৰ উদ্বোধনী অনুষ্ঠানত সাংবাদিক মানস কুমাৰ নাথক প্ৰত্যক্ষ কৰি তৰ্জন-গৰ্জন কৰি কয়- 'এওঁ বেয়া কথা এটা লিখিছে ।

যিটো কথা কোৱা নাই, সেইটো কথা লিখিছে ।' ইয়াৰ প্ৰত্যুত্তৰত সাংবাদিকগৰাকীয়ে মিছা কথা কোনো কাৰণত নিলিখোঁ বুলি কোৱাত বিধায়কগৰাকী অধিক উত্তেজিত হৈ পৰে ৷

বিধায়ক দেউৰীয়ে সাংবাদিক মানস নাথক পুনৰ আক্ৰমণ কৰি কটু কথা শুনোৱাৰ লগতে ছাত্ৰ সন্থাৰ প্ৰতিও বিৰূপ মন্তব্য প্ৰকাশ কৰে ৷ ছাত্ৰ সন্থা কোন বুলি প্ৰশ্ন তুলি ছাত্ৰ সন্থাক পৰোৱা নকৰা আৰু তেওঁক কোনো সাংবাদিকৰ প্ৰয়োজন নাই বুলি উচ্চ-বাচ্য কৰে ৷

ইফালে বিধায়ক দেউৰীয়ে আছু সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ বাবে চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মুকুট বৰঠাকুৰ আৰু সম্পাদক জ্যোতিস্মান বৰদলৈয়ে বিধায়কগৰাকীক মানসিক বিকাৰগ্ৰস্ততাত ভোগা বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

আনহাতে, বিধায়কগৰাকীৰ এই অশোভনীয় আচৰণত এতিয়া অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Your Comments