৩১ জুলাইত প্ৰকাশ নাপায় এনআৰচিৰ চূড়ান্ত খচৰা।উচ্চতম ন্যায়ালয়ত এনআৰচি সন্দৰ্ভত গুৰুত্বপূৰ্ণ শুনানী সম্পন্ন হোৱাৰ পিছত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ দুজনীয়া বিচাৰপীঠে এই ৰায় প্ৰদান কৰিছে।
ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে এনআৰচি কৰ্তৃপক্ষই চূড়ান্ত এনআৰচি প্ৰকাশ কৰাৰ বাবে অতিৰিক্ত সময় বিচাৰি আবেদন কৰিছিল।সেই আবেদনৰ ওপৰত ভিত্তি কৰিয়েই আজি উচ্চতম ন্যায়ালয়ে চূড়ান্ত এনআৰচি প্ৰকাশৰ বাবে ৩১ আগষ্ট নিৰ্ধাৰণ কৰি দিছে।ইফালে,এনআৰচি সম্পৰ্কত পৰৱৰ্তী শুনানী অহা ৭ আগষ্টত নিৰ্ধাৰণ কৰা হৈছে।
- Log in to post comments
- 18 views