মাধ্যমিক শিক্ষাৰ কেন্দ্ৰীয় বোৰ্ড অৰ্থাৎ চিবিএছচিৰ দ্বাৰা পৰিচালিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পদ্ধতিত ২০১৯-২০ শৈক্ষিক বৰ্ষত ঘটিব কেতবোৰ গুৰুত্বপূৰ্ণ সংশোধন৷ জগৰণ যোশৰ এক প্ৰতিবেদন অনুসৰি চিবিএছচিয়ে দ্বাদশ শ্ৰেণীৰ নতুন পৰীক্ষা পদ্ধতিত আভ্যন্তৰীণ মূল্যায়নৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে৷
প্ৰতিবেদনখনৰ মতে, দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ আৰ্হিত কিছু পৰিৱৰ্তনসাধন কৰা হ’ব আৰু বস্তুনিষ্ঠ প্ৰকাৰৰ (Objective Type) প্ৰশ্ন অধিকসংখ্যক প্ৰশ্নকাকতত অন্তৰ্ভুক্ত কৰা হ’ব৷ লগতে এইটোও প্ৰকাশ কৰা হৈছে যে, বোৰ্ডখনে মুখস্থ বিদ্যা শিক্ষাক নিৰুৎসাহিত কৰিবৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত বিশ্লেষণাত্মক দক্ষতা আৰু যৌক্তিক সক্ষমতাৰ বৃদ্ধিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
চিবিএছচিয়ে এইটোও বিশ্বাস কৰে যে, ইয়াৰ দ্বাৰা অধিক উন্নত ফলাফল লাভ কৰিব পৰা যাব আৰু প্ৰতিষ্ঠানসমূহৰ শৈক্ষিক মান উন্নত কৰিব পৰা যাব৷ ইয়াৰ উপৰি ২০২০ চনৰ পৰা সকলো বিষয়তেই ২০% নম্বৰ আভ্যন্তৰীণ মূল্যায়নৰ বাবে ৰখা হ’ব৷ অৱশ্যে বিজ্ঞানৰ বিষয়সমূহ আৰু চাৰু-কলাৰ বিষয়সমূহৰ ক্ষেত্ৰত এইবোৰ পূৰ্বৰ দৰেই অপৰিৱৰ্তিত হৈ থাকিব৷
আনহাতে, ২০২০ শিক্ষা বৰ্ষৰ পৰা নতুনকৈ প্ৰৱৰ্তিত হ’বলগীয়া তাত্ত্বিক পৰীক্ষাৰ দৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষাসমূহ বাহ্যিক কেন্দ্ৰত অনুষ্ঠিত কৰাৰ বাবেও কেন্দ্ৰীয় বোৰ্ডখনে প্ৰস্তাৱ দাখিল কৰিছে৷ বৰ্তমান দশম আৰু দ্বাদশ শ্ৰেণী দুয়োটাৰ দৰে বোৰ্ডখনে নিজৰ বিদ্যালয়তেই ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰি আহিছে৷ কিন্তু পৰৱৰ্তী বৰ্ষৰ পৰা দুয়োটা পৰীক্ষাতেই হয়তো পৰীক্ষাৰ্থীসকলে বাহ্যিক কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব পাৰে৷
- Log in to post comments
- 17 views