দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ জীৱনাৱসান

sheela

নিউজ ডেস্ক:

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী শীলা দীক্ষিত আৰু নাই। আজি শনিবাৰে দুপৰীয়া তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১ বছৰ। তেওঁ এক পুত্ৰ আৰু এগৰাকী জীয়েকক এৰি থৈ যায়। উল্লেখ্য যে প্ৰয়াত শীলা দীক্ষিতে একেৰাহে তিনিবাৰকৈ দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দিল্লীৰ বিগত বিধানসভা নিৰ্বাচনত পোন প্ৰথমবাৰৰ বাবে তেওঁ আম আদমি পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালৰ হাতত পৰাস্ত হৈছিল। ২০১৭ চনত দীক্ষিতক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিছিল। চলিত বছৰৰ ১০ জানুৱাৰীত তেওঁ দিল্লী প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী হিচাপেও দায়িত্ব গ্ৰহণ কৰিছিল। যথেষ্ট বয়স হোৱা সত্ত্বেও মৃত্যুৰ আগলৈকে তেওঁ সক্ৰিয় ৰাজনীতিত জড়িত আছিল। দিল্লী বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত তেওঁ কিছুকাল কেৰালাৰ ৰাজ্যপালও আছিল। প্ৰাপ্ত বাতৰি মতে তেওঁ যোৱা কিছুদিনৰে পৰাই অসুস্থ আছিল। আজি পুৱা হঠাতে তেওঁৰ স্বাস্থৰ অধিক অৱনতি ঘটাত ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰা হয়। দুপৰীয়াৰ ভাগত তাতেই তেওঁৰ মৃত্যু হয়।

১৯৩৮ চনৰ ৩১ মাৰ্চত পঞ্জাৱৰ কাপুৰথালাত তেওঁৰ জন্ম হৈছিল। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৮৪ চনত তেওঁ কনৌজৰ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল। পাচত ১৯৯৮ চনৰ পৰা ২০১৩ চনলৈকৈ একেৰাহে তিনিবাৰ তেওঁ দিল্লীৰ মুখ্যমন্তী হয়। শীলা দীক্ষিতৰ মৃত্যুত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, সাংসদ ৰাহুল গান্ধী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰপতি কোবিন্দ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল প্ৰমুখ্যে গভীৰ শোক প্ৰকাশ কৰে।

Your Comments