সোণাৰিত স্কুলৰ প্ৰস্ৰাৱগাৰৰ বেৰ ভাঙি কণমানি ছাত্রৰ কৰুণ মৃত্যু

সোণাৰিত স্কুলৰ প্ৰস্ৰাৱগাৰৰ বেৰ ভাঙি কণমানি ছাত্রৰ কৰুণ মৃত্যু

চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ ছেইণ্ট যোছেফ নামৰ এখন ব‍্যক্তিগত বিদ‍্যালয়ৰ চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত এজন ছাত্রৰ মৃত্যুত সোণাৰিত গভীৰ শোকৰ ছাঁ পৰে। উল্লেখ্য যে ৯ আগষ্টত বিদ্যালয়খনৰ পুৰণা প্ৰস্ৰাৱগাৰৰ বেৰ ভাঙি বেৰৰ হেচাঁত আঘাতপ্ৰাপ্ত হৈছিল দুজন ছাত্ৰ ক্ৰমে ৰংগৰাজন মহন আৰু প্ৰিয়াংশুপল হাজৰিকা । তাৰে গুৰুত্বৰ ভাৱে  আঘাত হৈছিল ৰংগৰাজন মহন ।

ৰংগৰাজনৰ উন্নত চিকিৎসাৰ বাবে ৯ আগষ্টৰ দিনাই ডিব্ৰুগড়ৰ আদিত‍্য নাৰ্চিংহোমত ভৰ্তি কৰাইছিল যদিও অৱশেষত ১২ আগষ্টৰ নিশা প্ৰায় ১১ বাজি ৪০ মিনিটত মৃত্যুৰ লগত যুজঁ দি ছাত্ৰজনে শেষ নিশ্বাস ত‍্যাগ কৰে । ছাত্রজনৰ মৃত্যু হোৱা ঘটনাই বিদ্যালয়খনৰ চূড়ান্ত দ্বায়িত্বহীনতাৰ কথাকে উদঙাই দিলে ।  উল্লেখ্য যে সোণাৰিৰ কাশ্মীৰ মহন আৰু মমী মহনৰ একমাত্ৰ সন্তান আছিল ৰংগাৰজন মহন । ইফালে বিভিন্ন দল সংগঠনে  চৰাইদেউ জিলাৰ আৰক্ষী-প্ৰশাসনক ইয়াৰ উচিত তদন্তৰ দাবী জনাইছে ।

Your Comments