মাজুলী জিলাখনৰ ভিতৰত অতিকৈ বানবিধ্বস্ত, যাতায়াত-যোগাযোগৰ ক্ষেত্ৰত দুৰ্গম অঞ্চল আহঁতগুৰি-মিছামৰা সংযোগী পাৰঘাটত পৰীক্ষামূকভাৱে অত্যাধুনিক ফেৰী সেৱা অৰ্ধশতাধিক যাত্ৰীৰে আৰম্ভ কৰে আজি। উল্লেখ্য যে যোৱা ৯ আগষ্টত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ বাবে আবণ্টন দিয়া সৰু ফেৰী তিনিখন আৰু বৃহৎ অত্যাধুনিক চাৰিখনৰ সৈতে মুঠ সাতখন ফেৰী মুকলি কৰি মাজুলীবাসীৰ আশাৰ সঞ্চাৰ কৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।
ইয়াৰে আহঁতগুৰি মিছামৰা সংযোগী পাৰঘাটৰ বাবে আবণ্টিত ফেৰীৰে মাজুলীৰ চিকাৰী ঘাটৰ পৰা ১০ বজাত যাত্ৰা আৰম্ভ কৰি নামনি মাজুলী মিছামৰা অভিমুখে ৰাওনা কৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনস্থ "এছ বি চি চি-১৬২" পঞ্জীয়ন নম্বৰৰ ফেৰীখনে । আহঁতগুৰি আৰু দক্ষিণ আহঁতগুৰি গাওঁ পঞ্চায়ত দুখনৰ জলস্তৰৰ মাজত অৱস্থিত দুৰ্যোগপূৰ্ণ ভেকেলি চাপৰি, নেউল, ধোদাং চাপৰিৰ বাহিৰ অংশ, সুবিধা চাপৰি, মাজৰ চাপৰি আৰু কলিয়াৰ প্ৰায়কেইটা চাপৰিকে সংলগ্ন কৰিছে ।
বিভাগৰ প্ৰায় ৬জন কৰ্মচাৰীসহ ১৫০জন যাত্ৰী বহন কৰিব পৰা ফেৰী সেৱাই যথেষ্ট উপকৃত কৰিব যদিও সম্ভাব্য বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি এখন জৰুৰীকালীন এম্বুলেন্স ফেৰী সেৱাৰ ব্যবস্থা কৰিবলৈ দাবী জনাইছে সচেতন মহলে ।
- Log in to post comments
- 9 views