গোলাঘাট কবি-শিক্ষয়িত্ৰী নীলিমা বৰালৈ ড°  বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় পদক সন্মান-২০১৯

poet

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন

যোৱা ১১ জুলাইত নতুন দিল্লীৰ ৰাজেন্দ্ৰ ভৱনত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত গোলাঘাটৰ কবি-শিক্ষয়িত্ৰী নীলিমা বৰাই ° বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় পদক সন্মান-২০১৯”  বঁটা গ্ৰহণ কৰে৷ উক্ত অনুষ্ঠানত লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰ প্ৰমুখ্যে ভাৰতৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ মানুহ আৰু প্ৰকৃতি,  সমাজ আৰু সংস্কাৰ, আশা আৰু সপোন,  চিন্তা আৰু প্ৰগতিবাদ,  প্ৰেম আৰু জীৱন আদি ভিন্ন স্বাদৰে সম্পূৰ্ণ নিজস্ব শৈলীৰে লেখিকাগৰাকীয়ে সাহিত্য চৰ্চা কৰি আহিছে৷

ভাৰতীয় সমাজব্যৱস্থাৰ পিছপৰা জাতি-জনগোষ্ঠীৰ মাজৰ পৰা সমাজমুখী সেৱা-কৰ্মৰ লগতে সাহিত্য-সংস্কৃতিৰ দিশলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে। গোলাঘাট হৰিজন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নীলিমা বৰাই ইতিমধ্যে জিলা সন্মিলনীৰ কৃতি শিক্ষক বঁটা ২০১৮ লাভ কৰিছে৷ তেওঁ বৰ্তমান প্ৰাথমিক শিক্ষক সন্মিলনীৰ গোলাঘাটৰ উপ-সভাপতিৰ দায়িত্ব আছে ৷

স্কুলীয়া দিনৰে পৰা ভিন্ন কাকত-আলোচনীৰ মাধ্যমৰে সাহিত্য চৰ্চা কৰি অহা নীলিমা বৰা সদৌ অসম কবি সন্মিলন আৰু অসম সাহিত্য সভাৰ আজীৱন সভ্য হোৱাৰ লগতে বৰ্তমানে গোলাঘাট সদৰ কবি সন্মিলনৰ সহঃসম্পাদক,  পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক আৰু জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-সভাপতিৰ দৰে বহতো সামজিক দায়িত্বত আছে৷ নীলিমা বৰাৰ প্ৰথমখন কাব্যগ্ৰন্থ ‘বিদায় নিদিয়াকৈ বিদায় লোৱা দিনৰে পৰাই’ পঢ়ুৱৈ সমাজৰ বিশেষ সমাদৰ লাভ কৰিছিল।

Your Comments