পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কেবল সূতা-কম্বলৰ ৰাজনীতি কৰি ক্ষমতা দখল কৰি অহা বুলি ইমানদিনে তুচ্ছ-তাচ্ছিল্য কৰি অহা বৰ্তমানৰ বিজেপি চৰকাৰখনৰ একাংশ মন্ত্ৰী-বিধায়কেও এতিয়া যে একে পথকেই গ্ৰহণ কৰিছে আজি যেন তাৰেই প্ৰমাণ পোৱা গ'ল ৰঙিয়া চহৰৰ সমীপৱৰ্তী তুলসীবাৰীৰ মাৰলিথানত। চৰকাৰী সূতা বিতৰণত ব্যাপক অনিয়মৰ অভিযোগত মাৰলিথানত ক্ষুব্ধ মহিলাসকলে আজি জলসিঞ্চন, ৰাজহ মন্ত্ৰী তথা ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কালিতাক কিছু সময় ঘেৰাও কৰি ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে। ক্ষুব্ধ মহিলাসকলে মন্ত্ৰী কলিতাক ঘেৰাও কৰি ক্ষোভেৰে কয় যে প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে চৰকাৰী চাকৰিয়াল আৰু বিজেপি নেতা-কৰ্মীৰ পৰিয়ালেহে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে।
এই ক্ষেত্ৰত ভৱেশ কলিতাই মহিলাসকলক বুজোৱাৰ চেষ্টা কৰে আৰু প্ৰকৃত হিতাধিকাৰীয়ে সুবিধা পাব বুলি সৈমান কৰোৱাৰ চেষ্টা কৰি তৎমুহূৰ্ততে সেই স্থান ত্যাগ কৰে। বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী এগৰাকীয়ে এনেদৰে সূতা বিতৰ্কৰ মুখামুখি হ'বলগীয়া হোৱা কথাটোৱে বিৰোধী দলসমূহৰ মাজত ব্যাপক আলোচনাৰ খোৰাক দিছে।
- Log in to post comments
- 117 views