গহপুৰ মহকুমাৰ একাধিক গ্ৰাম্য পথৰ বিধ্বস্ত তথা জৰাজীৰ্ণ অৱস্থাই দীৰ্ঘদিন যাতায়াতৰ ক্ষেত্ৰত ৰাইজক যাতনা ভোগাই আহিছে । এযুগৰো অধিক কাল মেৰামতিৰ নামত মাটি এচপৰাও নপৰা এনে বিধ্বস্ত পথ হৈছে মহকুমাটোৰ গহপুৰ নগৰৰ গাতে লাগি থকা ছত্ৰং গাওঁ পঞ্চায়ত এলেকাৰ ধেনুধৰা-দক্ষিণ জয়পুৰ সংযোগী পথ ।
উল্লেখ্য যে ২০০৫ চনতে 'পূৰা' আঁচনিৰ অধীনত নিৰ্মাণ কৰা পথটোত মেৰামতিৰ নামত আজিকোপতি মাটি এচপৰাও নপৰাত ক্ৰমশঃ বিধ্বস্ত আৰু জৰাজীৰ্ণ হৈ পৰা পথটো বৰ্তমান সুচল যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে ।
যাতায়াতৰ ক্ষেত্ৰত অতি ব্যস্ততাপূৰ্ণ পথটোৱে বালিজান চাপৰি দক্ষিণ জয়পুৰ, ডেলহাউচী, ডেলহাউচী কৈৱৰ্ত গাঁও, জয়পুৰ, ভোগপুৰকে আদি কৰি একাধিক গাঁৱক গহপুৰ নগৰ তথা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগ কৰিছে । উক্ত এলেকাসমূহৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে গহপুৰ নগৰৰ একাধিক শিক্ষানুষ্ঠানত অধ্যয়নৰত শতাধিক কণ কণ শিক্ষাৰ্থীয়ে উক্ত পথটোৰেই যাতায়াত কৰিবলগা হয় ।
বৰ্তমান পথটোৰ অধিকাংশতে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত এজাক বৰষুণতে বোকা-পানীৰে কদৰ্য হৈ পৰা পথটোৰে যাতায়াত কৰাটো বিপদসংকুল তথা কষ্টসাধ্য হৈ পৰিছে । বোকা-পানীৰে পৰিপূৰ্ণ তথা ওখোৰা-মোখোৰা পথটোৰে বৰষুণৰ বতৰত যাতায়াত কৰাটো সৰ্বসাধাৰণ ৰাইজৰ বাবে মূৰৰ কামোৰণি স্বৰূপ হোৱাৰ লগতে কণ কণ শিক্ষাৰ্থীসকলৰ বাবে ব্যাপক সমস্যাৰ কাৰক হৈ পৰিছে ।
আনহাতে, পথটোত থকা তিনিটা পকী কালভাৰ্টৰ ভিতৰত দুটা কালভাৰ্ট ক্ৰমশঃ জৰাজীৰ্ণ হৈ পৰাত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা ঘটাৰ আশংকা ঘনীভূত হৈছে । সুদীৰ্ঘ বছৰ ধৰি সংশ্লিষ্ট চৰকাৰী কৃৰ্তৃপক্ষৰ সুদৃষ্টি নপৰা পথটোৰ মেৰামতিৰ বাবে ভুক্তভোগী ৰাইজে একাধিকবাৰ আবেদন-নিবেদন জনাই আহিছে যদিও আজিকোপতি কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰাত ভুক্তভোগী ৰাইজৰ মাজত তীব্র ক্ষোভ আৰু অসন্তুষ্টিৰ সৃষ্টি হৈছে ।
এইক্ষেত্ৰত বৰ্তমানৰ পৰিৱৰ্তনকামী চৰকাৰখনে অনতিপলমে পথটোৰ যথোপযুক্ত মেৰামতিৰ ব্যৱস্থা কৰি দীৰ্ঘদিনীয়া যাতনাৰ ওৰ পেলাব বুলি ভুক্তভোগী ৰাইজে আশাৰে বাট চাই আছিল ।
- Log in to post comments
- 14 views