আন্ত:ৰাষ্ট্ৰীয় ন্যায়ালয়ত ভাৰতৰ বৃহৎ জয়:পাকিস্তানত বন্দী কূলভূষণ যাদৱৰ ফাঁচীত স্থগিতাদেশ বাহাল

kulvuxan

নিউজ ডেস্ক:
নেডাৰলেণ্ডৰ দ্য হেগস্থিত আন্ত:ৰাষ্ট্ৰীয় ন্যায়ালয়ত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে  বৃহৎ জয় অৰ্জন কৰিছে।ভাৰতীয় প্ৰাক্তন নৌ সেনা বিষয়া কূলভূষণ যাদৱক পাকিস্তানে দিব নোৱাৰিব ফাঁচী।


চোৰাংচোৱাগিৰী কৰাৰ সন্দেহত যাদৱক পাকিস্তানে ২০১৬ চনত ইৰাণৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।
তাৰ পিছতে ২০১৭চনত পাকিস্তানৰ সেনা আদালতে যাদৱৰ বিৰুদ্ধে ফাঁচীৰ ৰায় প্ৰদান কৰিছিল।এই ৰায়ৰ বিৰোধিতা কৰি ভাৰত চৰকাৰ আন্ত:ৰাষ্ট্ৰীয় আদালতৰ কাষ চাপিছিল।
অৱশেষত বুধবাৰে আন্ত:ৰাষ্ট্ৰীয় আদালতত ১৬ জনীয়া বিচাৰপীঠৰ ১৫ জন ন্যায়াধীশে প্ৰাক্তন নৌ সেনাবিষয়াগৰাকীৰ সন্দৰ্ভত ৰায় দিয়ে ভাৰতৰ পক্ষত।উল্লেখ্য যে কূলভূষণ যাদৱক পাকিস্তানে গ্ৰেপ্তাৰ কৰাৰ পিছত ভাৰতক সেই সন্দৰ্ভত জনোৱা নাছিল ।সেই বিষয়ত আন্ত:ৰাষ্ট্ৰীয় ন্যায়ালয়ে বুধবাৰে পাকিস্তানক জৱাবদিহী কৰে।

Your Comments