নোনা নদীত অবৈধ বালি খনন বালি মাফিয়াৰ

নোনা নদীত অবৈধ বালি খনন বালি মাফিয়াৰ

ৰঙিয়াৰ বটাকুছিৰ ওচৰেৰে বৈ যোৱা নোনা নদীৰ পাৰত অবৈধ বালি খনৰৰ এক দৃশ্য নিউজ এএছএনৰ কেমেৰাত বন্দী হৈছে ৷ ৰঙিয়া বন বিভাগৰ দুৰ্বল ভূমিকাৰ বাবে নোনা নদীৰ পাৰত অবৈধভাৱে বালি মাফিয়াৰ এটা বৃহৎ চক্ৰই খনন আৰম্ভ কৰিছে ।

বছৰ বছৰ ধৰি বন বিভাগৰ লগত বুজাবুজি কৰি ৰাজহ ফাঁকি দি নদীত বালি খননকাৰ্য চলাই আছে এই বৃহৎ চক্ৰটোৱে । ৰঙিয়া বন বিভাগৰ বিভিন্ন কথা সঘনাই চৰ্চালৈ অহাৰ সময়ত বন বিভাগটোৰ বিষয়া-কৰ্মচাৰীয়ে চকুমুদা কুলিৰ ভাও ধৰাটো ৰহস্যজনক । বালি মাফিয়াৰ সৈতে বুজাবুজি থকাৰ বাবে বন বিভাগে অবৈধ খননকাৰ্য উৎখাত কৰিবলৈ সাহস কৰা নাই বুলি ৰাইজে মত প্ৰকাশ কৰে ।

তাৰফলত চৰকাৰে লাখ লাখ টকা ৰাজহ হেৰুৱাবলগীয়া হৈছে । পৰিৱৰ্তনকামী মিত্ৰজোঁট চৰকাৰখনে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰাৰ সময়ত নোনা নদীত চলি থকা অবৈধ বালি খননকাৰ্য বন্ধ কৰিব পাৰিবনে বুলিও সচেতন মহলে প্ৰশ্ন কৰিছে ৷ ৰঙিয়াত এনে বহুকেইটা ঠাইত গোপনে বালি খননকাৰ্য চলি থকাৰ পিছতো বন বিভাগে পদক্ষেপ নোলোৱাটো ৰহস্যজনক । বন বিভাগ আৰু দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা চৰকাৰখনে কি পদক্ষেপ লয় সেয়া সময়তহে লক্ষণীয় হ'ব ।

Your Comments