চৰকাৰৰ কৃপাদৃষ্টিৰ অপেক্ষাত ধলপুৰৰ এখন বাঁহৰ সাঁকো 

চৰকাৰৰ কৃপাদৃষ্টিৰ অপেক্ষাত ধলপুৰৰ এখন বাঁহৰ সাঁকো 

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ পোন্ধৰ বছৰীয়া শাসনৰ পিছত পৰিৱৰ্তন আৰু উন্নয়নৰ আশ্বাস দি ৰাজ্যত ক্ষমতালৈ অহা বিজেপি চৰকাৰখনৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ৰাজ্যৰ পথ আৰু দলঙৰ অৱস্থা দেখিলেই বুজিব পাৰি ।

তাৰেই যেন প্ৰমাণ  বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত গণকদলনি গাঁও পঞ্চায়তৰ নিদাংছোৱা গাঁৱৰ সাঁকোখন ৷ এই সাঁকোখন এতিয়া হৈ পৰিছে মৰণফাণ্ড স্বৰূপ ৷ কিন্তু সাঁকোখন মেৰামতি কৰাৰ ক্ষেত্ৰত কুম্ভকৰ্ণ নিদ্ৰাত স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষ ।

উল্লেখ্য যে এই বাঁহৰ সাঁকোখনেৰে বৃহৎ অঞ্চলটোৰ কেইবা হাজাৰ লোকৰ লগতে ছাত্র-ছাত্ৰীসকলে বিদ্যালয় আৰু মহাবিদ্যালয়লৈ যাতায়াত কৰিবলগা হয় ৷

স্থানীয় ৰাইজে এই ভঙা বাঁহৰ সাঁকোখনৰ বিষয়ে স্থানীয় বিধায়কক বহুবাৰ অৱগত কৰোৱাৰ লগতে এখন স্থায়ী দলং নিৰ্মাণৰ বাবে আবেদন-নিবেদনো কৰে ৷

কিন্তু বিধায়কজনৰ পৰা একমাত্ৰ আশ্বাসৰ বাহিৰে অঞ্চলটোৰ ৰাইজে অদ্যাপি কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই ৷

উপায়ন্তৰ হৈ স্থানীয় ৰাইজে একগোট হৈ ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি আৰু গাঁঠিৰ ধন খৰচ কৰি সাঁকোখনখন মেৰামতি কৰি যাতায়াত অব্যাহত ৰাখিছে যদিও সম্প্ৰতি মৰণফান্দত পৰিণত হৈছে ।

Your Comments