পাকিস্তানত গ্ৰেপ্তাৰ হ'ল মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছঈদ

hafij

নিউজ ডেস্ক:

পাকিস্তানৰ লাহোৰত বুধবাৰে গ্ৰেপ্তাৰ কৰা হ'ল আন্ত:ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী তথা মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছঈদক। কুখ্যাত এই সন্ত্ৰাসবাদীক লাহোৰৰ পৰা গুজৰানৱালালৈ গৈ থকা অৱস্থাত সুৰক্ষা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছতে এইসন্ত্ৰাসবাদীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

ইফালে, আমেৰিকাৰ সন্মুখত সন্ত্ৰাসবাদ বিৰোধিতা প্ৰদৰ্শন কৰিবলৈ পাকিস্তানে লস্কৰ-ই- তৈবা প্ৰমুখ হাফিজ ছঈদক গ্ৰেপ্তাৰ কৰিছে বুলি চৰ্চা চলিছে। উল্লেখ্য যে কিছুদিনৰ পিছতে হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে।

Your Comments