ভাৰতৰ বিমানৰ বাবে পাকিস্তানে মুকলি কৰি দিলে নিজৰ আকাশমাৰ্গ

pak pm

নিউজ ডেস্ক:
পাকিস্তানে ভাৰতৰ বিমানৰ বাবে মুকলি কৰি দিলে নিজৰ আকাশমাৰ্গ।এতিয়াৰে পৰা ভাৰতীয় বিমানসমূহে পাকিস্তানৰ ওপৰেদি ইউৰোপৰ দেশসমূহ,উত্তৰ আমেৰিকা আৰু উপসাগৰীয় দেশসমূহলৈ যাত্ৰা কৰিব পাৰিব।ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ বালাকোটত সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলোৱাৰ পিছত পাকিস্তানে ভাৰতীয় বিমানৰ বাবে বন্ধ কৰি দিছিল নিজৰ আকাশমাৰ্গ।


পাকিস্তানৰ এই পদক্ষেপৰ দ্বাৰা 'এয়াৰ ইণ্ডিয়া' লাভৱান হ'ব।এয়াৰ ইণ্ডিয়াৰ বিমানসমূহে অন্য আকাশমাৰ্গ ব্যৱহাৰ কৰিব লগা হোৱা বাবে এয়াৰ ইণ্ডিয়াই ইতিমধ্যে ৪৯১ কোটি টকা লোকচান ভৰিছিল।এতিয়া এয়াৰ ইণ্ডিয়াই এই লোকচান ভৰিব নালাগিব।উক্ত পদক্ষেপটো ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ পাকিস্তানৰ নিৰন্তৰ প্ৰয়াসৰ অংশ হিচাপে বিবেচিত হৈছে।

Your Comments