মঙলদৈত জব মেলা

মঙলদৈত জব মেলা

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু দৰং জিলা প্ৰশাসনৰ উদোগত স্থানীয় সনাতন ধৰ্মসভা প্ৰাংগণত দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল বিকাশ যোজনাৰ অধীনত অনুষ্ঠিত হৈছে "দৰং ২০১৮ জব মেলা" ।

এই জব মেলা তথা নিযুক্তি বিপণী উদ্বোধন কৰে মঙলদৈৰ বিধায়ক গুৰুজোতি দাসে । উক্ত মেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত প্ৰদৰ্শনী মুকলি কৰে দৰঙৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ।

১৮-৩০ বছৰৰ গ্ৰামাঞ্চলৰ যুৱক-যুৱতীসকলক কাৰিকৰী প্ৰশিক্ষণৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত নিযুক্তি দিয়াই এই মেলাৰ উদ্দেশ্য বুলি সভাত মন্তব্য কৰে অতিৰিক্ত উপায়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে ।

প্ৰায় ২০০০ যুৱক-যুৱতীয়ে এই মেলাত অংশগ্ৰহণ কৰে ৷

Your Comments