বাক্সাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ পাহাৰপুৰত এছ এছ বিৰ ৬৪ (এফ) বাহিনীয়ে অভিযান চলাই আজি বৃহৎ পৰিমাণৰ কাঠসহ দুজন লোকক আটক কৰে ৷
দেওবাৰে নিশা প্ৰায় ৭.৩০ বজাত গোপন সূত্ৰৰ পম খেদি কাঠভৰ্তি নম্বৰবিহীন মহিন্দ্ৰ পিক-আপ ভেনখন জব্দ কৰে ৷ শুকানজুলি ৰিজাৰ্ভৰ পৰা পাহাৰপুৰ হৈ নি থকা অৱস্থাত পশ্চিম হৰতোলাত এছ এছ বিৰ বিষয়া প্ৰেম কুমাৰৰ নেতৃত্বত থকা তহলদাৰী জোৱানে কাঠখিনি জব্দ কৰে ৷
প্ৰায় দুই লাখ টকা মূল্যৰ মুল্যৱান কাঠখিনিৰ লগতে দুজন ব্যক্তিক আটক কৰে ৷ আটকাধীন লোক দুজন ক্ৰমে গাড়ীচালক জালাল আলী আৰু উদ্ধৱ নাথ ৷
উল্লেখ্য যে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ পাহাৰপুৰ, পাটকিজুলি, শুকানজুলি, কুমাৰীকাটা আদি অঞ্চলত দীৰ্ঘদিন ধৰি একাংশ অসাধু লোকে অবৈধভাৱে চোৰাংকাঠৰ বেহা চলাই আহিছিল ৷
আজি পুৱতি নিশা এছ এছ বিয়ে মহিন্দ্ৰ পিক-আপ ভেন গাড়ীসহ কাঠখিনি জব্দ কৰাৰ পিছতে প্ৰমাণিত হয় চোৰাং কাঠৰ অবৈধ বেহাৰ কথা ৷ জানিব পৰামতে, তামুলপুৰ মহকুমাত একাংশ অবৈধ কাঠৰ ব্যৱসায়ীয়ে বন বিভাগক মেনেজ কৰি বন ধ্বংস কৰাত নামি পৰিছে ।
পিছত এছ এছ বিয়ে জব্দকৃত কাঠৰ গাড়ীসহ আটকাধীন লোকদুজনক কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ত গতাই দিয়ে ।
- Log in to post comments
- 9 views