আজি ক্ৰিকেট বিশ্বকাপৰ ফাইনেল:ঘৰুৱা পৰিৱেশত 'ফেভাৰিট' ইংলেণ্ড

world cup

নিউজ ডেস্ক:
আজি 'আইআইচি বিশ্বকাপ ২০১৯' ৰ ফাইনেল।আজি বিশ্বকাপৰ ইতিহাসত চেম্পিয়ন নোহোৱা দুটা দল খিতাপৰ যুঁজত অৱৰ্তীণ হ'ব।ক্ৰিকেটৰ জন্মদাতা তথা ১৯৭৯,১৯৮৭ আৰু ১৯৯২ চনত ফাইনেল খেলিও বিশ্বকাপ জয় কৰিব নোৱাৰা ইংলেণ্ডে আজি ঘৰুৱা পৰিৱেশত লৰ্ডছত 'ফেভাৰিট' হিচাপে অৱতীৰ্ণ হ'ব।ইংলেণ্ড দলটোৰ খিতাপ জয়ৰ সম্পূৰ্ণ যোগ্যতা আছে,দলটোক মাথোঁ ভাগ্যই লগ দিলেই হ'ল।ইংলেণ্ডৰ বেটিং লাইনআপত আছে জেছন ৰয়,জনী বেয়াৰষ্ট',জ' ৰুট,বেন ষ্টোকছৰ দৰে বিধ্বংসী খেলুৱৈ।আনহাতে,ইয়ন মৰগান নেতৃত্বাধীন ইংলেণ্ড দলটোত আছে বিশ্বমানৰ বেগী বলাৰ জফ্ৰা আৰ্ছাৰ,ক্ৰিছ ৱকছৰ লগতে আদিল ৰছিদৰ দৰে স্পীনাৰ।


ইফালে,২০১৫  চনৰ বিশ্বকাপৰ ৰাণাৰ্ছআপ নিউজিলেণ্ডে বেটিঙত নিৰ্ভৰ কৰিব অধিনায়ক কেন উইলিয়ামছন,ৰ'জ টেইলৰৰ,মাৰ্টিন গুপ্টিলৰ ওপৰত।বেগী বলাৰ ট্ৰেন্ট বুল্ট আৰু লকী ফাৰ্গুচনৰ ওপৰত দলটোয়ে বলিঙৰ ক্ষেত্ৰত প্ৰধানকৈ নিৰ্ভৰ কৰিব।অৱশ্যে,ফাইনেলৰ মূল কথাটো হৈছে,যিটো দলে মানসিক হেঁচাত উপযুক্তভাৱে মোকবিলা কৰি খেলত অৱতীৰ্ণ হ'ব,সেই দলটোৱেই বিজয়ী হ'ব।

Your Comments