আজি ৰাছিয়াত নগাঁৱৰ ৰঞ্জন বেজবৰুৱাৰ গীতত নৃত্য পৰিবেশন কৰিব ইলোৰা বৰাই

rasiya

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা : 

অসমৰ এগৰাকী সুখ্যাত নৃত্য শিল্পী নগাঁৱৰ ইলোৰা বৰাই সুদূৰ ৰাচিয়াত ১৪ জুলাই অৰ্থাৎ আজি অনুষ্ঠিত হবলগীয়া "চাৰ্বাছ" শীৰ্ষক এক নৃত্য পৰিৱেশন বাবে আমন্ত্ৰিত হৈছে ।বৰাই ৰাচিয়াৰ মস্কোকে ধৰি ছখন চহৰত বিশ্ববৰেণ্য শিল্পী তথা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতৰ ভিত্তিত নগাঁৱৰে শিল্পী ৰঞ্জন বেজবৰুৱাৰই কৰা সংস্কৃত ৰূপান্তৰৰ আধাৰত সত্ৰীয়া আৰু ভাৰত নাট্যম নৃত্য শৈলীত এলানি নৃত্য পৰিৱেশন কৰিব । শিল্পী ইলোৰা বৰাই  এই  প্ৰতিনিধিক জনোৱা মতে বিশিষ্ট বাঁহীবাদক প্ৰাঞ্জল বৰাৰ সংগীতৰে সজোৱা তথা ৰঞ্জন বেজবৰুৱাৰ কন্ঠৰ "গংগা","সাগৰ সংগম","মই এটি যাযাবৰ","মানুহে মানুহৰ বাবে",গুম গুম গুম গুম মেঘে গৰজিলে" আদি সংস্কৃত ভাষাৰ গীতসমুহত নৃত্য পৰিৱেশন কৰিব । উল্লেখযোগ্য যে ইলোৰা বৰা ৰুক্মিণী দেৱী আৰুণ্ডেল স্থাপিত চেন্নাইৰ
নৃত্য কলাক্ষেত্ৰৰ জ্যেষ্ঠ ছাত্ৰী আৰু নগাঁৱৰ নৃত্য কলাক্ষেত্ৰৰ অধ্যক্ষা । স্মৰ্তব্য যে ৰঞ্জন বেজবৰুৱা একেধাৰে এগৰাকী শিল্পী-গীতিকাৰ-অনুবাদক যি বিগত দুটা দশক ধৰি অসমীয়া তথা ভাৰতীয় সুগম সংগীতক সংস্কৃতৰ মাধ্যমেৰে আৰু সংস্কৃত ভাষাক ভাৰতীয় সুগম সংগীতৰ মাধ্যমেৰে জনপ্ৰিয় কৰা  কামটোৰ সাধনা কৰি আহিছে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত সাহিত্যৰ স্নাতকোত্তৰ আৰু কাব্যশাস্ত্ৰী, সংস্কৃত ভাষা-কৃষ্টিৰ সাধক- ৰঞ্জন বেজবৰুৱাই এফালে শ্ৰীমন্ত শংকৰদেৱৰ পৰা ড: ভূপেন হাজৰিকা প্ৰমুখ্যে মহানসকললৈ আৰু আনফালে কবি ৰবীন্দ্ৰনাথ, ইকবাল, কবি প্ৰদীপ, এ. আৰ. ৰহমান, জগজিৎ সিং প্ৰভৃতি ভাৰতৰ বৰেণ্য সংগীত কাণ্ডাৰীসকলৰ শতাধিক গীত সংস্কৃত ভাষালৈ নিজে ৰূপান্তৰ কৰি বা আনৰ ৰূপান্তৰত স্বকণ্ঠে আৰু সমৱেত কণ্ঠে গীত পৰিৱেশন কৰি আহিছে ।

 ইয়াৰ লগতে যোগ হৈছে  বিহুগীত, কামৰূপী, গোৱালপৰীয়া আদি গীতৰ অনুবাদ, প্ৰসিদ্ধ অসমীয়া কবিতাৰ অনুবাদ আৰু ভাৰতীয় সংস্কৃতি বিষয়ক মৌলিক নিৱন্ধ আৰু গীত ৰচনা আদিও।

ভালেমান উচ্চ মানৰ সাংস্কৃতিক অনুষ্ঠান, আলোচনা-চক্ৰত গীত পৰিৱেশন কৰা ৰঞ্জন  বেজবৰুৱাৰ গীত ভাৰতৰ উপৰি বিদেশতো জনপ্ৰিয় হৈছে। বহু সংখ্যক গীত ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম- আকাশবাণী, দূৰদৰ্শন, ইণ্টাৰনেট আদিৰ যোগেদি বিয়পি পৰিছে ।

 শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ আৰু পীতাম্বৰদেৱ গোস্বামীৰ   জীৱন আধাৰিত তিনিখনকৈ অসমীয়া কথাছবিত বেজবৰুৱাই শ্লোক-সংলাপ-গীত আদি পৰিৱেশন কৰিছে।

২০১৪ চনত যোৰহাটৰ চেলেংহাটত 'সুধাকণ্ঠ ড: ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা' লাভ কৰা বেজবৰুৱা অসম তথা ভৰতৰ বিভিন্ন ঠাইত  সম্বৰ্ধিত হৈছে ।

২০১৬ চনৰ ১৫ আগষ্টত ৰাষ্ট্ৰীয় দূৰদৰ্শনৰ 'ডি ডি নিউজ' যোগে চাৰ ইকবাল ৰচিত উল্লেখযোগ্য দেশপ্ৰেমৰ গীত  'চাৰে জাঁহা চে অচ্ছা'ৰ সংস্কৃত ৰূপান্তৰ আজিৰ দেশৰ অন্যতম জনপ্ৰিয় সংস্কৃত গীত । কেইবাটাও সংস্কৃত গীতৰ নৃত্যৰূপ, দৃশ্যৰূপ বা সমৱেত কণ্ঠত দেশৰ সংস্কৃত-কেন্দ্ৰিক অনুষ্ঠানসমূহত অতি জনপ্ৰিয় ।

Your Comments