আইচিচি ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ইংলেণ্ড বনাম নিউজিলেণ্ড

icc

নিউজ ডেস্ক:

২০১৯ বৰ্ষৰ আইচিচি ক্রিকেট বিশ্বকাপৰ চেম্পিয়ন হ'ব পূৰ্বে কেতিয়াও চেম্পিয়ন নোহোৱা এটা দল।আজি ইংলেণ্ডে ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াক ৮ উইকেটত অনায়াসে পৰাস্ত কৰাৰ পিছত এই কথাই স্পষ্ট হ'ল।


আজি প্ৰথমে বেটিং কৰা অষ্ট্ৰেলিয়াক ইংলেণ্ডৰ বেগী বলাৰসকলে বান্ধি ৰাখে আৰু দলটোৱে ৪৯.১অভাৰত  ২২৩ ৰাণ কৰি অল আউট  হয়।প্ৰত্যুত্তৰত ইংলেণ্ডে ৩২.১ অভাৰতে লক্ষ্য অতিক্ৰম কৰে।ইংলেণ্ডৰ হৈ জেচন ৰয়ে ৮৫ আৰু জ' ৰুটে অপৰাজিত ৪৯  ৰাণ সংগ্ৰহ কৰে।


ইয়াৰ পিছতেই স্পষ্ট হৈ পৰে যে বিশ্বকাপ ক্ৰিকেটৰ ১৪ জুলাইৰ ফাইনেলত ঘৰুৱা দল ইংলেণ্ডে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব।

Your Comments