আমেৰিকাও অসহায় প্ৰকৃতিৰ প্ৰকোপৰ সন্মুখত:প্লাৱিত 'হোৱাইট হাউছ'ৰ বেচমেণ্ট

flood

প্ৰকৃতিৰ প্ৰকোপৰ সন্মুখত মানুহে হাৰ মানিবলৈ সদায় বাধ্য।যিমানেই উন্নত প্ৰযুক্তিৰে সমৃদ্ধ নহওক কিয়,প্ৰকৃতিৰ প্ৰকোপৰ সন্মুখত মানুহ অসহায়।তাৰ প্ৰমাণ এতিয়া উন্নত প্ৰযুক্তিৰে অসীম শক্তিশালী  মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাছিংটন চহৰ।ৱাছিংটনত প্ৰৱল বৃষ্টিপাতৰ পিছত এতিয়া প্ৰচণ্ড বান।আনকি,বানপানীয়ে প্লাৱিত কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আৱাস 'হোৱাইট হাউছ'ৰ বেচমেণ্টো।


মহানগৰখনৰ আহল-বহল পথসমূহ এতিয়া হৈ পৰিছে একো-একোখন নৈসদৃশ।পথসমূহত এতিয়া ডুব যোৱা বিলাসী গাড়ীৰ শাৰী।আনহাতে,মহানগৰ খনৰ বিমানবন্দৰতো বানপানী সোমোৱাত একাংশ বিমানৰ সেৱা স্থগিত কৰিব লগীয়া হৈছে।

Your Comments