বৰ্ষীয়ান বাওঁপন্থী ৰাজনীতিক তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সোমনাথ চেটাৰ্জীৰ আজি দেহাৱসান ঘটে । দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্রান্ত চেটাৰ্জীয়ে আজি কলকাতাত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে ।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ । সুদীৰ্ঘ চাৰি দশক ধৰি সক্ৰিয় ৰাজনৈতিক জীৱন অতিবাহিত কৰি দেশৰ ৰাজনীতিত এখন সুকীয়া আসন দখল কৰিছিল বৰ্ষীয়ান ৰাজনীতিকজনে ।
ইউ পি এৰ শাসনকালত ২০০৪ বৰ্ষৰপৰা ২০০৯ বৰ্ষলৈ লোকসভাৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল সোমনাথ চেটাৰ্জীয়ে । প্ৰয়াত সোমনাথ চট্ৰোপাধ্যায়ৰ জন্ম ১৯২৯ চনৰ ২৫ জুলাইত অসমৰ তেজপুৰত ৷
তেওঁৰ পিতৃ নিৰ্মল চন্দ্ৰ চট্টোপাধ্যায় আছিল এগৰাকী প্ৰখ্যাত আইনজীৱী আৰু শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৰাজনৈতিক সতীৰ্থ তথা হিন্দু মহাসভাৰ নেতা ৷ পিতৃৰ ৰাজনৈতিক মতাদৰ্শৰ সম্পূৰ্ণ বিপৰীত অৱস্থান আছিল সোমনাথ চেটাৰ্জী ৷
চি পি আই(এম) নেতা জ্যোতি বসুৰ সৈতে তেওঁৰ আছিল ব্যক্তিগত বন্ধুত্ব আৰু ঘনিষ্ঠ ৰাজনৈতিক সম্পৰ্ক ৷ লণ্ডনৰ পৰা উচ্চ শিক্ষা লাভ কৰি তেওঁ আইনজীৱী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল যদিও পৰৱৰ্তী কালত তেওঁ সক্ৰিয়ভাৱে ৰাজনীতিত যোগদান কৰে ৷
একেৰাহে তেওঁ ১০বাৰ চি পি আই(এম)ৰ সাংসদ হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল ৷ প্ৰথম ইউ পি এ চৰকাৰৰ আমোলত সোমনাথ চেটাৰ্জী লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল আৰু প্ৰশংসনীয়ভাৱে সেই দায়িত্ব পালন কৰিছিল ৷
২০০৮ চনত চি পি আই(এম) দলে ইউ পি এ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে যদিও তেওঁ দলীয় নিৰ্দেশ সত্ত্বেও অধ্যক্ষ পদ এৰিবলৈ অস্বীকাৰ কৰে ৷ ফলত প্ৰকাশ কাৰাটৰ নেতৃত্বাধীন চি পি আই(এম) দলে সোমনাথ চট্টোপাধ্যায়ক দলৰ পৰা বহিষ্কাৰ কৰে ৷
১৯৬৮ চনৰ পৰা ২০০৮ চনলৈকে একেৰাহে ৪০ বছৰ ধৰি তেওঁ চি পি আই(এম)ৰ সদস্য আছিল ৷ এইগৰাকী বৰ্ষীয়ান নেতাক দল-মত নিৰ্বিশেষে সকলোৱে শ্ৰদ্ধা কৰিছিল ৷ তেওঁ এগৰাকী পুত্ৰ আৰু দুগৰাকী জীয়ৰী এৰি থৈ যায় ৷ পুত্ৰ প্ৰতাপ চট্টোপাধ্যায় কলকাতা উচ্চ ন্যায়ালয়ৰ আইনজীৱী ৷
- Log in to post comments
- 24 views