নিউজ ডেস্ক :
অৱশেষত সকলো উৎকণ্ঠাৰ অৱসান ঘটাই আজি অনুষ্ঠিত হ'ব চলিত আইচিচি বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল।ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজা পৰা মানচেষ্টাৰত অনুষ্ঠিত হ'ব লগা প্ৰথমখন ছেমি ফাইনেলত ভাৰতৰ বিৰুদ্ধে অৱৰ্তীন হ'ব নিউজিলেণ্ড। ইতিমধ্যে লীগ পয্যায়ত ৰাউণ্ডছ ৰবীন পদ্ধতিত দুয়োটা দলে মুঠ ৯ খনকৈ খেলত অৱৰ্তীন হৈছিল।তাৰে ভাৰতীয় দলটোৱে ৭খনত জয়ী হোৱাৰ বিপৰীতে ১খনত পৰাজয় বৰণ কৰিছে।একেদৰে কিৱি দলটোৱে ৫ খনত জয়ী হোৱাৰ বিপৰীতে ৩খনত পৰাজয় বৰণ কৰিছে।ইয়াৰ উপৰিও লীগ পয্যায়তে দুয়োটা দলৰ মাজত অনুষ্ঠিত হবলগীয়া খেল এখন বৰষুণৰ বাবে অমীমাংসিত হৈ ৰৈছিল।
আনহাতে আজি অনুষ্ঠিত হ'ব লগা প্ৰথমখন ছেমি ফাইনেলক লৈ ভাৰতীয় দলটো প্ৰবল আত্মবিশ্বাসী হৈ আছে।বিশেষকৈ ভাৰতীয় দলটোৰ আৰম্ভণিৰ দুই বেটছমেন ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ সুন্দৰ ফৰ্মে আত্মবিশ্বাস বৃদ্ধি কৰিছে কৌহলি বাহিনীৰ। ইয়াৰ উপৰিও যশপ্ৰীত বুমৰাহ,মহম্মদ চামি,ভুৱনেশ্বৰ কুমাৰৰ নিয়ন্ত্ৰিত বলিং ভাৰতীয় দলটোৰ শক্তিৰ অন্যতম উৎস। উল্লেখ্য যে ভাৰতীয় দলটোৰ আৰম্ভণি বেটছমেন ৰোহিত শৰ্মাই ইতিমধ্যে চলিত বিশ্বকাপত পাঁচটাকৈ শতক অর্জন কৰি বিশ্বকাপত ৰচনা কৰিছে এক নতুন ইতিহাস।
আনহাতে গুৰুত্বপূৰ্ণ কথা এই যে বিশ্বকাপৰ ইতিহাসত ভাৰত আৰু নিউজিলেণ্ড দলটোৱে এই পৰ্য্যন্ত আঠ বাৰ মুখামুখী হৈছে। তাৰে চাৰিবাৰ কিৱি দলটোৰ জয় হোৱাৰ বিপৰীতে তিনিখন খেলত জয়ী হৈছে ভাৰতীয় দলটো।ইয়াৰ উপৰিও এখন খেল অমীমাংসিত হৈ ৰৈছে।ইফালে শেষবাৰৰ বাবে দুয়োটা দলে ২০০৩চনৰ বিশ্বকাপত মুখামুখী হৈছিল।উক্ত খেলখনত জাহিৰ খানৰ বিধ্বংসী বলিংৰ মাজত সংগ্ৰহ কৰিব পাৰিছিল মাথো ১৪৬ ৰাণ।প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ৭উইকেটত জয়ী হৈছিল।
আনহাতে ভাৰতে এই পৰ্যন্ত দুবাৰকৈ বিশ্বকাপ দখল কৰাৰ বিপৰীতে এবাৰ ৰানাৰ্চআপ খিতাপ দখল কৰিছে।ইফালে নিউজিলেণ্ড দলটোৱে এই পৰ্যন্ত দখল কৰিব পৰা নাই বিশ্বকাপৰ খিতাপ।কেৱল মাত্ৰ ২০১৫ চনৰ বিশ্বকাপত ৰানাৰ্ছআপ দখল কৰিছে দলটোৱে।
আনহাতে বিশ্বকাপৰ ইতিহাসত দুয়োটা দলৰ সৰ্বাধিক স্কৰ ২৫৩ৰাণ।
- Log in to post comments
- 20 views