নাৰায়ণপুৰ জ্যেষ্ঠ নাগৰিক সংস্থাৰ উদ্যোগত আৰু লক্ষীমপুৰ জিলা স্বাস্থ্য বিভাগৰ সহযোগত নাৰায়ণপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আজি এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় । উক্ত চিকিৎসা শিবিৰটোত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ডেৰ শতাধিক লোকৰ চকু পৰীক্ষা কৰাৰ লগতে বিনামুলীয়াকৈ ঔষধ আৰু চশমা প্ৰদান কৰা হয় ।
শিবিৰটোত লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ চকু বিশেষজ্ঞ ডা: অমৃত কুমাৰ ভূঞা, বিহপুৰীয়া চিকিৎসালয়ৰ চিকিৎসক ডা: বিশ্বেশ্বৰ ভূঞা আৰু ধলপুৰ চিকিৎসালয়ৰ চিকিৎসক ডা: নবকান্ত দাসে চিকিৎসা প্ৰদান কৰে । নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডা: অতুল চন্দ্ৰ খাউণ্ডৰ তত্বাৱধানত চিকিৎসালয়খনৰ চিকিৎসক-কৰ্মচাৰী সকলে চিকিৎসা শিবিৰটো সাফল্যমণ্ডিত কৰাত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়ায় ।
শিবিৰটোত নাৰায়ণপুৰ জ্যেষ্ঠ নাগৰিক সংস্থাৰ সভাপতি ভদ্ৰেশ্বৰ হাজৰিকা, কাৰ্যকৰী সভাপতি বীৰেন্দ্ৰ নাথ ভাগৱতী, সম্পাদক বীৰেন শৰ্মা, মুহিম হাজৰিকা, জীবন ভূঞা , থানুৰাম দত্ত , ইন্দ্ৰ হাজৰিকা প্ৰমুখ্যে কেইবাজনো জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে ।
- Log in to post comments
- 17 views