গহপুৰ মহকুমা অনুসূচিত জাতি ছাত্র সন্থাৰ উদ্যোগত যোৱা ১১ আগষ্টত গহপুৰ কলেজিয়েট হাইস্কুলত অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাত গহপুৰ মহকুমা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়। গহপুৰ মহকুমাৰ প্ৰাক্তন ছাত্র নেতা ভদ্ৰেশ্বৰ দাসে সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মিলন দাস, বিশ্বনাথ জিলাৰ উপসভাপতি আনন্দ দাস, সম্পাদক বিপুল হীৰা আৰু বিশ্বনাথ জিলাৰ চাৰিটা শাখাৰ সভাপতি সম্পাদকসকল।
সভাখনত গহপুৰ মহকুমাৰ বিভিন্ন সমস্যাৰ লগতে সাংগঠনিক দিশ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আলোচনা কৰা হয়। নৱগঠিত সমিতি খনৰ সভাপতি হিচাপে প্ৰাঞ্জল হাজৰিকাই দায়িত্ব লাভ কৰাৰ উপৰি উপসভাপতি হিচাপে অজিত কাকতি,ৰঞ্জন দাস,দ্ৰোগেশ্বৰ দাসক দায়িত্ব প্ৰদান কৰা হয়।সমিতি খনৰ সাধাৰণ সম্পাদক হিচাপে পদ্ম দাসক দায়িত্ব প্ৰদান কৰাৰ লগতে সহ-সম্পাদক হিচাপে সোনমনি দাস, মন্টু হাজৰিকা, হিয়ানন্দ দাসক নিযুক্ত কৰা হয়। আনহাতে প্ৰচাৰ সম্পাদক হিচাপে সোন্তি দাস, ৰাজু দাস, অজন দাস, চেমন্ত দাস, দয়াল দাস আৰু বসন্ত ভূঞাক সাংস্কৃতিক সম্পাদক হিচাপে অনন্ত দাস, মৃদুপৱন দাস, বিশ্বজিৎ দাসক কাৰ্য্যলয় সম্পাদক হিচাপে কিশোৰ কাকতি,নন্দ দাস, পংকজ দাসক সাংগঠনিক সম্পাদক হিচাপে চন্দন দাস, উদ্ধৱ দাস, পংকজ দাস, হেমন্ত কাকতিকে ধৰি সৰ্বমুঠ মুঠ ৩১জন ছাত্ৰনেতাক দায়িত্ব প্ৰদানেৰে অনুসূচিত জাতি ছাত্র সংস্থাৰ গহপুৰ মহকুমা সমিতিখন গঠন কৰা হয়।
- Log in to post comments
- 8 views