পাক অধিকৃত কাশ্মীৰত পাকিস্তান চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ নাগৰিকৰ

pro

পাকিস্তান অধিকৃত কাশ্মীৰত পাকিস্তান চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰী কৰ্মচাৰীসকলে।পাকিস্তানৰ অন্য প্ৰান্তৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰে প্ৰমোচন আৰু ভাট্টাৰ সুবিধা পোৱাৰ দাবীৰে চৰকাৰী কৰ্মচাৰীসকলে ৰাজপথলৈ ওলাই আহি পাকিস্তান চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।কৰ্মচাৰীসকলৰ অভিযোগ যে পাক চৰকাৰে সদায় তেওঁলোকক বঞ্চনা কৰিছে আৰু বঞ্চনাৰ প্ৰতিবাদ কৰাসকলৰ আৱাজ দমন কৰি আহিছে।


উল্লেখ্য যে পাকিস্তানৰ কেন্দ্ৰীয় চৰকাৰে পাকিস্তান অধিকৃত কাশ্মীৰৰ জনসাধাৰণক যথেষ্ট শোষণ কৰি আহিছে,সম্পদ লুণ্ঠন কৰি আহিছে।যাৰ বাবে প্ৰায়েই পাক অধিকৃত কাশ্মীৰত পাকিস্তান চৰকাৰবিৰোধী প্ৰতিবাদ সাব্যস্ত কৰি আহিছে জনসাধাৰণে।এই এলেকাত ভাৰতক সমৰ্থন জনাই কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে পাকিস্তান বিদ্বেষী জনতাই।

Your Comments